عَنْ أَبِي هُرَيْرَةَ رَضيَ اللهُ عَنْهُ أَنَّ رَسُولَ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«إِذَا دَخَلَ أَحَدُكُمْ المَسْجِدَ فَلْيُسَلِّمْ عَلَى النَّبِيِّ وَلْيَقُلْ: اللَّهُمَّ افْتَحْ لِي أَبْوَابَ رَحْمَتِكَ، وَإِذَا خَرَجَ فَلْيُسَلِّمْ عَلَى النَّبِيِّ وَلْيَقُلْ: اللَّهُمَّ اعْصِمْنِي مِنْ الشَّيْطَانِ الرَّجِيمِ»، وَلِلْحَاكِمِ: «وَإِذَا خَرَجَ فَلْيُسَلِّمْ عَلَى النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَلْيَقُلْ: اللَّهُمَّ أَجِرْنِي مِنَ الشَّيْطَانِ الرَّجِيمِ».
[حسن] - [رواه ابن ماجه والحاكم] - [سنن ابن ماجه: 773]
المزيــد ...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকৰ মাজৰ কোনোবাই যেতিয়া মছজিদত প্ৰৱেশ কৰিব, তেওঁ যেন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পাঠ কৰে। তাৰ পিছত এই দুআ পাঠ কৰেঃ আল্লা-হুম্মাফ তাহলী, আবৱাবা ৰাহমাতিক। (হে আল্লাহ! মোৰ বাবে তোমাৰ অনুগ্ৰহৰ দুৱাৰসমূহ খুলি দিয়া।) এইদৰে ওলোৱাৰ সময়তো যেন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ পাঠ কৰে। তাৰ পিছত যাতে এই দুআ পাঠ কৰেঃ আল্লাহুম্মা' চিমনি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম। (হে আল্লাহ! তুমি মোক বিতাৰিত চয়তানৰ পৰা ৰক্ষা কৰা।)" হাকিমত আছে যে, "ওলোৱাৰ সময়ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ পাঠ কৰি এই দুআ পঢ়িব লাগেঃ আল্লাহুম্মা আজিৰনি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম। (হে আল্লাহ! তুমি মোক বিতাৰিত চয়তানৰ পৰা মুক্তি দিয়া।)"
[হাছান] - [رواه ابن ماجه والحاكم] - [ছুনান ইবনে মাজাহ - 773]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত নিৰ্দেশনা দিছে যে, মছজিদত সোমোৱাৰ সময়ত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত এই বুলি দৰূদ আৰু ছালাম পাঠ কৰিব লাগেঃ আল্লাহুম্মা চাল্লি অছাল্লিম আলা মুহাম্মদ। ইয়াৰ পিছত এই দুআ পাঠ কৰিব লাগেঃ আল্লা-হুম্মাফ তাহলী আবওৱাবা ৰাহমাতিক। এইদৰে মছজিদৰ পৰা ওলোৱাৰ সময়ত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ পাঠ কৰি এই দুআ ক'ব লাগেঃ আল্লাহুম্মা' চিমনি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম। হাকিমৰ বৰ্ণনাত আছে যে, এই দুআ পঢ়িব লাগেঃ আল্লাহুম্মা আজিৰনি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম।