হাদীছৰ তালিকা

এই কোৰআনৰ প্রতি যত্ন লোৱা তথা সদায় তিলাৱত কৰা। সেই মহান সত্তাৰ শপত, যাৰ হাতত মুহাম্মদৰ জীৱন আছে, উট যেনেকৈ ৰছীৰ পৰা অতর্কিতে ওলাই যায়, তাতকৈও অধিক অতর্কিতে [স্মৃতিৰ পৰা] কোৰআন ওলাই যায়।
عربي الإنجليزية الأوردية
তোমালোকৰ মাজত সর্বশ্রেষ্ঠ হৈছে সেইজন ব্যক্তি, যিয়ে নিজে কোৰআন শিকে আৰু আনকো শিকায়।
عربي الإنجليزية الأوردية
তোমালোকে নিজৰ ঘৰখনক কবৰস্থানত পৰিণত নকৰিবা। নিশ্চয় চয়তান সেই ঘৰৰ পৰা পলায়ন কৰে, যি ঘৰত ছুৰা আল-বাক্বাৰাহ তিলাৱত কৰা হয়।
عربي الإنجليزية الأوردية
যি ব্যক্তিয়ে ছুৰা বাক্বাৰাৰ শেষৰ আয়াত দুটা ৰাতিত তিলাৱত কৰিব, সেই ব্যক্তিৰ (নিৰাপত্তাৰ) বাবে এই দুটা আয়াতেই যথেষ্ট হ’ব।
عربي الإنجليزية الأوردية
আল্লাহৰ কিতাবৰ পৰা যিয়ে এটা হৰফ (আখৰ) পাঠ কৰিব, ইয়াৰ ফলত তেওঁ এটা ছোৱাব পাব। লগতে প্ৰতিটো ছোৱাব দহগুণ বৃদ্ধিকৈ প্ৰদান কৰা হ'ব।
عربي الإنجليزية الأوردية
মহান আল্লাহে কৈছেঃ মই মোৰ আৰু মোৰ বান্দাৰ মাজত নামাজক দুই ভাগত ভাগ কৰি দিছোঁ। মোৰ বান্দাক সেইটোৱে প্ৰদান কৰিছোঁ যিটো সি বিচাৰে।
عربي الإنجليزية الأوردية
ঈমান্দাৰ কোৰআন তিলাৱতকাৰীৰ উদাহৰণ হৈছে বিৰা-জৰা (Citron)ৰ দৰে, যাৰ সোৱাদো উৎকৃষ্ট আৰু সগন্ধিও উৎকৃষ্ট। আনহাতে যিজন মুমিনে কোৰআন তিলাৱত নকৰে, তাৰ উদাহৰণ হৈছে খেজুৰৰ দৰে, যাৰ সোৱাদ মিঠা কিন্তু কোনো সুগন্ধি নাই।
عربي الإنجليزية الأوردية
কোৰআন তিলাৱতকাৰী দক্ষ ব্যক্তি, সন্মানীয় পুণ্যৱান (ফিৰিস্তা)সকলৰ সৈতে থাকিব। আনহাতে যি ব্যক্তিয়ে ৰৈ ৰৈ অতি কষ্ট হোৱা সত্ত্বেও কোৰআন তিলাৱত কৰে, তেওঁ দ্বিগুণ ছোৱাব লাভ কৰিব।
عربي الإنجليزية الأوردية
কোৰআন কণ্ঠস্থ ৰখা ব্যক্তিক কোৱা হ'ব, পঢ়া আৰু আৰোহণ কৰা, সেইদৰে ধীৰস্থিৰে তিলাৱত কৰা, যিদৰে তুমি পৃথিৱীত তিলাৱত কৰিছিলা। য'ত তুমি শেষ আয়াত তিলাৱত কৰিবা সেইটোৱে হ'ব তোমাৰ ঠিকনা।
عربي الإنجليزية الأوردية
হে আবুল মুনজিৰ, আল্লাহৰ কিতাবৰ কোনটো আয়াত তোমাৰ ওচৰত আটাইতকৈ মহান? তেতিয়া মই ক'লোঁঃ {اللهُ لا إِلَهَ إِلا هُوَ الْحَيُّ الْقَيُّومُ} (এই আয়াতটো মোৰ ওচৰত বেছি গুৰুত্বপূৰ্ণ) এই কথা শুনি তেখেতে মোৰ বুকুত হাতেৰে থপথপাই ক'লেঃ হে আবুল মুনজিৰ! তোমাৰ জ্ঞানক উষ্ণ আদৰণি জনাইছোঁ।
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতি ৰাতি টোপনি যোৱাৰ আগত বিছনাত আহি ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ
عربي الإنجليزية الأوردية
'আপুনি দুটা নূৰৰ সুসংবাদ গ্ৰহণ কৰক, যিবোৰ আপোনাক প্ৰদান কৰা হৈছে– এই দুটা নূৰ আপোনাৰ পূৰ্বে আন কোনো নবীক প্ৰদান কৰা হোৱা নাছিল: (সেই নূৰ দুটা হৈছে) ছুৰা আল-ফাতিহা আৰু ছুৰা আল-বাক্বাৰাৰ শেষৰ আয়াতসমূহ। আপুনি ইয়াৰে যিটো পঢ়িব, তাত প্ৰাৰ্থনামূলক যি যি আছে, সেইটোৱে আপোনাক প্ৰদান কৰা হ'ব।
عربي الإنجليزية الأوردية
তোমালোকে কোৰআন তিলাৱত কৰা, কিয়নো ই কিয়ামতৰ দিনা ইয়াৰ তিলাৱতকাৰী সকলৰ হৈ ছুপাৰিছ কৰিব।
عربي الإنجليزية الأوردية
সেই সত্তাৰ শপত! যাৰ হাতত মোৰ প্ৰাণ আছে। এই ছুৰাটো হৈছে সমগ্ৰ কোৰআনৰ এক তৃতীয়াংশৰ সমান।
عربي الإنجليزية الإندونيسية
বৰং তোমালোকে কোৱা যে, ‘আমি শুনিলোঁ আৰু মানি ল'লোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনেই আমাৰ প্ৰত্যাৱৰ্তনস্থল’।
عربي الإنجليزية الأوردية
আপোনালোকৰ কিতাবত এটা আয়াত আছে, যিটো আপোনালোকে পাঠ কৰি থাকে, সেই আয়াতটো যদি আমাৰ ইয়াহুদীসকলৰ ওপৰত অৱতীৰ্ণ হ'লহেঁতেন তেন্তে আমি সেই দিৱসটোক উৎসৱ হিচাপে পালন কৰিলোঁহেঁতেন। তেওঁ ক'লেঃ কোনটো আয়াত?
عربي الإنجليزية الأوردية
মোৰ ওপৰত এনেকুৱা আয়াত অৱতীৰ্ণ হৈছে, যিটো গোটেই পৃথিৱীতকৈ মোৰ ওচৰত অধিক প্ৰিয়।
عربي الإنجليزية الإندونيسية
যিয়ে ছুৰা আল-কাহাফৰ প্ৰথম দহ আয়াত মুখস্থ কৰিব, তেওঁক দাজ্জালৰ (ফিতনাৰ) পৰা ৰক্ষা কৰা হ'ব।" আন এটা বৰ্ণনাত আছে যে, "যিয়ে ছুৰা কাহাফৰ শেষৰ দহ আয়াত মুখস্থ কৰিব।
عربي الإنجليزية الأوردية
মোৰ ওপৰত এনেকুৱা কিছুমান আয়াত অৱতীৰ্ণ হৈছে, যেনেকুৱা আয়াত পূৰ্বে কেতিয়াও দেখা যোৱা নাই। সেয়া হৈছে ছুৰা ফালাক্ব আৰু ছুৰা নাছ।
عربي الإنجليزية الإندونيسية