+ -

عن عثمان رضي الله عنه عن النبي صلى الله عليه وسلم قال:
«خَيْرُكُمْ مَنْ تَعَلَّمَ الْقُرْآنَ وَعَلَّمَهُ».

[صحيح] - [رواه البخاري] - [صحيح البخاري: 5027]
المزيــد ...

উচমান ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকৰ মাজত সর্বশ্রেষ্ঠ হৈছে সেইজন ব্যক্তি, যিয়ে নিজে কোৰআন শিকে আৰু আনকো শিকায়।"

[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 5027]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহৰ দৃষ্টিত উৎকৃষ্ট মুছলিম হৈছে সেইজন, যিয়ে কোৰআন শিকে তথা তিলাৱত কৰে, মুখস্থ কৰে, তাফছীৰ তথা অৰ্থ বুজিবলৈ যত্ন কৰে, এইদৰে যিয়ে আমল কৰাৰ লগতে কোৰআনৰ জ্ঞান আনকো শিকায়।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. কোৰআনৰ মৰ্যাদাৰ বৰ্ণনা, কাৰণ এইখন হৈছে সৰ্বোৎকৃষ্ট বাণী তথা মহান আল্লাহৰ বাণী।
  2. উৎকৃষ্ট শিক্ষাৰ্থী হৈছে সেইজন, যিয়ে নিজে শিকাৰ পিছত আনকো শিকায়, শিক্ষাক নিজৰ মাজতেই সীমাবদ্ধ কৰি নাৰাখে।
  3. কোৰআন শিকা আৰু শিক্ষা দিয়াৰ মাজত তিলাৱত কৰা অৰ্থ বুজা আৰু বিধান গ্ৰহণ কৰা আদি সকলো বিষয় অন্তৰ্ভুক্ত।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক
অধিক