উপ-শ্ৰেণীবিন্যাসসমূহ

হাদীছৰ তালিকা

এই কোৰআনৰ প্রতি যত্ন লোৱা। সেই মহান সত্তাৰ শপত, যাৰ হাতত মুহাম্মদৰ জীৱন আছে, উট যেনেকৈ ৰছীৰ পৰা অতর্কিতে ওলাই যায়, তাতকৈও অধিক অতর্কিতে [স্মৃতিৰ পৰা] কোৰআন ওলাই যায়।
عربي ইংৰাজী ফৰাচী
তোমালোকৰ মাজত সর্বশ্রেষ্ঠ হৈছে সেইজন ব্যক্তি, যিয়ে নিজে কোৰআন শিকে আৰু আনকো শিকায়।
عربي ইংৰাজী ফৰাচী
যি ব্যক্তিয়ে আল্লাহৰ কিতাবৰ এটি হৰফ তিলাৱত কৰিব তাৰ বাবে আছে ছোৱাব আৰু প্ৰতিটো ছোৱাব দহগুণ বৃদ্ধিকৈ প্রদান কৰা হয়।
عربي ইংৰাজী ফৰাচী
ঈমান্দাৰ কোৰআন তিলাৱতকাৰীৰ উদাহৰণ হৈছে বিৰা-জৰা (Citron)ৰ দৰে, যাৰ সোৱাদো উৎকৃষ্ট আৰু সগন্ধিও উৎকৃষ্ট। আনহাতে যিজন মুমিনে কোৰআন তিলাৱত নকৰে, তাৰ উদাহৰণ হৈছে খেজুৰৰ দৰে, যাৰ সোৱাদ মিঠা কিন্তু কোনো সুগন্ধি নাই।
عربي ইংৰাজী ফৰাচী
কোৰআন কণ্ঠস্থ ৰখা ব্যক্তিক কোৱা হ'ব, পঢ়া আৰু আৰোহণ কৰা, সেইদৰে ধীৰস্থিৰে তিলাৱত কৰা, যিদৰে তুমি পৃথিৱীত তিলাৱত কৰিছিলা। য'ত তুমি শেষ আয়াত তিলাৱত কৰিবা সেইটোৱে হ'ব তোমাৰ ঠিকনা।
عربي ইংৰাজী ফৰাচী