+ -

عن عبد الله بن عمرو رضي الله عنهما قال: قال رسول الله صلى الله عليه وسلم:
«يقالُ لصاحبِ القرآن: اقرَأ وارتَقِ، ورتِّل كما كُنْتَ ترتِّل في الدُنيا، فإن منزِلَكَ عندَ آخرِ آية تقرؤها».

[حسن] - [رواه أبو داود والترمذي والنسائي في الكبرى وأحمد] - [سنن أبي داود: 1464]
المزيــد ...

আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
কোৰআন কণ্ঠস্থ ৰখা ব্যক্তিক কোৱা হ'ব, পঢ়া আৰু আৰোহণ কৰা, সেইদৰে ধীৰস্থিৰে তিলাৱত কৰা, যিদৰে তুমি পৃথিৱীত তিলাৱত কৰিছিলা। য'ত তুমি শেষ আয়াত তিলাৱত কৰিবা সেইটোৱে হ'ব তোমাৰ ঠিকনা।

[হাছান] - [(আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, আহমদ)] - [ছুনান আবি দাঊদ - 1464]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, যিয়ে কোৰআন মতে আমল কৰিছিল, কোৰআন কণ্ঠস্থ কৰিছিল আৰু দিনে নিশাই তিলাৱত কৰিছিল, সেই ব্যক্তি যেতিয়া জান্নাতত প্ৰৱেশ কৰিব তেতিয়া তাক কোৱা হ'বঃ কোৰআন তিলাৱত কৰা আৰু সেই অনুপাতে জান্নাতত ওপৰলৈ আৰোহণ কৰা, সেইদৰেই ধীৰস্থিৰে সুমধুৰ কণ্ঠত তিলাৱত কৰা যিদৰে পৃথিৱীত কৰিছিলা। জানি থোৱা, তোমাৰ ঠিকনা সেইটোৱে হ'ব, য'ত তুমি শেষ আয়াত তিলাৱত কৰিবা।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ফুলানী ইটালিয়ান ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি اليونانية উজবেক ইউক্ৰেইনীয়ান الجورجية اللينجالا المقدونية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আমলৰ পৰিমাণ আৰু ধৰণ অনুপাতেই প্ৰতিদান দিয়া হ'ব।
  2. কোৰআন তিলাৱত কৰা, কণ্ঠস্থ কৰা, হিফজ কৰা, গৱেষণা কৰা আৰু সেইমতে আমল কৰিবলৈ উৎসাহিত কৰা হৈছে।
  3. জান্নাতত অসংখ্য শ্ৰেণী তথা ধাপ আছে। কোৰআনৰ অধিকাৰীসকলে তাৰে উচ্চ শ্ৰেণী লাভ কৰিব।
অধিক