+ -

عَنْ ‌أَبِي هُرَيْرَةَ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«أَيُحِبُّ أَحَدُكُمْ إِذَا رَجَعَ إِلَى أَهْلِهِ أَنْ يَجِدَ فِيهِ ثَلَاثَ خَلِفَاتٍ عِظَامٍ سِمَانٍ؟» قُلْنَا: نَعَمْ. قَالَ: «فَثَلَاثُ آيَاتٍ يَقْرَأُ بِهِنَّ أَحَدُكُمْ فِي صَلَاتِهِ خَيْرٌ لَهُ مِنْ ثَلَاثِ خَلِفَاتٍ عِظَامٍ سِمَانٍ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 802]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
তোমালোকৰ কোনোবাই এইটো বিচৰানে যে, সি নিজ ঘৰলৈ উভতি গৈ ঘৰত তিনিটা ডাঙৰ ডাঙৰ গৰ্ভৱতী উট দেখিবলৈ পাওক? আমি ক'লোঁঃ হয় (নিশ্চয় বিচাৰোঁ)। তেখেতে ক'লেঃ শুনা! নামাজত তিনিটা আয়াত তিলাৱত কৰাটো হৈছে তিনিটা ডাঙৰ ডাঙৰ শকত গৰ্ভৱতী উট পোৱাতকৈও উত্তম।

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 802]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, নামাজত তিনিটা আয়াত তিলাৱত কৰাৰ ছোৱাব হৈছে, কোনোবাই নিজৰ ঘৰত তিনিটা ডাঙৰ ডাঙৰ শকত উট পোৱাতকৈও উত্তম।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নামাজত কোৰআন তিলাৱত কৰাৰ গুৰুত্ব বৰ্ণনা কৰা হৈছে।
  2. নেক আমল হৈছে পাৰ্থিৱ জীৱনৰ ধ্বংসশীল সামগ্ৰীতকৈ শ্ৰেষ্ঠ তথা চিৰস্থায়ী নিয়ামত।
  3. এই ফজিলতটো কেৱল তিনিটা আয়াতৰ সৈতেই সীমাবদ্ধ নহয়, বৰং মুছল্লিয়ে যিমান আয়াত তিলাৱত কৰিব সেই অনুপাতেই তাৰ ছোৱাব বৃদ্ধি পাব।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ফুলানী ইটালিয়ান ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি اليونانية উজবেক ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক
অধিক