عَنْ ‌أَبِي هُرَيْرَةَ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«أَيُحِبُّ أَحَدُكُمْ إِذَا رَجَعَ إِلَى أَهْلِهِ أَنْ يَجِدَ فِيهِ ثَلَاثَ خَلِفَاتٍ عِظَامٍ سِمَانٍ؟» قُلْنَا: نَعَمْ. قَالَ: «فَثَلَاثُ آيَاتٍ يَقْرَأُ بِهِنَّ أَحَدُكُمْ فِي صَلَاتِهِ خَيْرٌ لَهُ مِنْ ثَلَاثِ خَلِفَاتٍ عِظَامٍ سِمَانٍ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 802]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
তোমালোকৰ কোনোবাই এইটো বিচৰানে যে, সি নিজ ঘৰলৈ উভতি গৈ ঘৰত তিনিটা ডাঙৰ ডাঙৰ গৰ্ভৱতী উট দেখিবলৈ পাওক? আমি ক'লোঁঃ হয় (নিশ্চয় বিচাৰোঁ)। তেখেতে ক'লেঃ শুনা! নামাজত তিনিটা আয়াত তিলাৱত কৰাটো হৈছে তিনিটা ডাঙৰ ডাঙৰ শকত গৰ্ভৱতী উট পোৱাতকৈও উত্তম।

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 802]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, নামাজত তিনিটা আয়াত তিলাৱত কৰাৰ ছোৱাব হৈছে, কোনোবাই নিজৰ ঘৰত তিনিটা ডাঙৰ ডাঙৰ শকত উট পোৱাতকৈও উত্তম।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. নামাজত কোৰআন তিলাৱত কৰাৰ গুৰুত্ব বৰ্ণনা কৰা হৈছে।
  2. নেক আমল হৈছে পাৰ্থিৱ জীৱনৰ ধ্বংসশীল সামগ্ৰীতকৈ শ্ৰেষ্ঠ তথা চিৰস্থায়ী নিয়ামত।
  3. এই ফজিলতটো কেৱল তিনিটা আয়াতৰ সৈতেই সীমাবদ্ধ নহয়, বৰং মুছল্লিয়ে যিমান আয়াত তিলাৱত কৰিব সেই অনুপাতেই তাৰ ছোৱাব বৃদ্ধি পাব।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (68)
অধিক