عَنِ ‌ابْنِ عَبَّاسٍ رَضِيَ اللهُ عَنْهُمَا قَالَ:
كَانَ النَّبِيُّ صَلَّى اللهُ عَليهِ وَسَلَّمَ لا يَعْرِفُ فَصْلَ السُّورةِ حَتَّى تَنْزِلَ عَليْهِ {بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيمِ}.

[صحيح] - [رواه أبو داود]
المزيــد ...

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত বিছমিল্লা-হিৰ ৰহমা-নিৰ ৰাহীম অৱতীৰ্ণ নোহোৱালৈকে তেখেতে কোনো ছুৰাৰ আৰম্ভণি নিশ্চিত কৰিব পৰা নাছিল।

ছহীহ - ইয়াক আবু দাউদে বৰ্ণনা কৰিছে

ব্যাখ্যা

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাই উল্লেখ কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত যেতিয়া কোৰআনৰ ছুৰাসমূহ অৱতীৰ্ণ হৈছিল তেতিয়া তেখেতে সেইবোৰৰ মাজত সেইসময়লৈকে কোনো পাৰ্থক্য কৰিব পৰা নাছিল যেতিয়ালৈকে দুটা ছুৰাক পৃথক কৰিবলৈ বিছমিল্লা-হিৰ ৰহমা-নিৰ ৰাহীম অৱতীৰ্ণ হোৱা নাছিল। বিছমিল্লাহ অৱতীৰ্ণ হোৱাৰ পাছতহে গম পাইছিল উক্ত ছুৰা শেষ, এতিয়া নতুন ছুৰা আৰম্ভ।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান বাংলা চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. বিছমিল্লাহক দুটা ছুৰাৰ মাজত ব্যৱধান ৰাখিবলৈ ব্যৱহাৰ কৰা হৈছে। কেৱল ছুৰা আনফাল আৰু তাওবাৰ বাহিৰে।
অধিক