عن عُقبة بن عامر الجُهني رضي الله عنه قال: قال رسولُ الله صلَّى الله عليه وسلم:
«الجاهِرُ بالقرآن كالجاهِرِ بالصَّدَقَةِ، والمُسِرُّ بالقرآن كالمُسِرِّ بالصَّدَقَة».

[صحيح] - [رواه أبو داود والترمذي والنسائي] - [سنن أبي داود: 1333]
المزيــد ...

উক্ববাহ বিন আমিৰ আল-জুহানী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
উচ্চস্বৰে কোৰআন তিলাৱতকাৰী হৈছে প্ৰকাশ্যভাৱে দান কৰা ব্যক্তিৰ দৰে, আনহাতে নিম্নস্বৰে কোৰআন তিলাৱতকাৰী হৈছে গোপনে দান কৰা ব্যক্তিৰ দৰে।

[ছহীহ] - [(আবু দাঊদ, তিৰমিজী, নাছায়ী)] - [ছুনান আবি দাঊদ - 1333]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, উচ্চস্বৰে কোৰআন পাঠ কৰা ব্যক্তি হৈছে প্ৰকাশ্যভাৱে চাদাক্বাহ কৰা ব্যক্তিৰ দৰে। আনহাতে নিম্নস্বৰে কোৰআন তিলাৱত কৰা ব্যক্তি হৈছে গোপনে চাদাক্বাহ কৰা ব্যক্তিৰ দৰে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. বুজা গ'ল যে, নিম্নস্বৰে কোৰআন তিলাৱত কৰা উত্তম, যিদৰে গোপনে দান কৰা উত্তম। কাৰণ ইয়াত ইখলাচ থাকে, লগতে এইটো ৰিয়া আৰু আত্মগৌৰৱৰ পৰাও দূৰৈত থকাৰ উপায়। কিন্তু যদি প্ৰয়োজনত উচ্চস্বৰে পঢ়িব লগা হয় তেন্তে তাত কোনো অসুবিধা নাই। যেনে- কোৰআন শিক্ষা দিয়াৰ সময়ত।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (68)
অধিক