عَن أَبي مُوْسى الأَشْعريِّ رضي الله عنه قال: قال رسولُ اللهِ صلى اللهُ عليه وسلم:
«مَثَلُ الْمُؤْمِنِ الَّذِي يَقْرَأُ الْقُرْآنَ كَمَثَلِ الْأُتْرُجَّةِ، رِيحُهَا طَيِّبٌ وَطَعْمُهَا طَيِّبٌ، وَمَثَلُ الْمُؤْمِنِ الَّذِي لَا يَقْرَأُ الْقُرْآنَ كَمَثَلِ التَّمْرَةِ، لَا رِيحَ لَهَا وَطَعْمُهَا حُلْوٌ، وَمَثَلُ الْمُنَافِقِ الَّذِي يَقْرَأُ الْقُرْآنَ مَثَلُ الرَّيْحَانَةِ، رِيحُهَا طَيِّبٌ وَطَعْمُهَا مُرٌّ، وَمَثَلُ الْمُنَافِقِ الَّذِي لَا يَقْرَأُ الْقُرْآنَ كَمَثَلِ الْحَنْظَلَةِ، لَيْسَ لَهَا رِيحٌ وَطَعْمُهَا مُرٌّ».

[صحيح] - [متفق عليه]
المزيــد ...

আবূ মুছা আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"ঈমান্দাৰ কোৰআন তিলাৱতকাৰীৰ উদাহৰণ হৈছে বিৰা-জৰা (Citron)ৰ দৰে, যাৰ সোৱাদো উৎকৃষ্ট আৰু সগন্ধিও উৎকৃষ্ট। আনহাতে যিজন মুমিনে কোৰআন তিলাৱত নকৰে, তাৰ উদাহৰণ হৈছে খেজুৰৰ দৰে, যাৰ সোৱাদ মিঠা কিন্তু কোনো সুগন্ধি নাই। পক্ষান্তৰে মুনাফিক কোৰআন তিলাৱতকাৰীৰ উদাহৰণ হৈছে সুগন্ধি যুক্ত ফুলৰ দৰে, যাৰ সুগন্ধি ধুনীয়া কিন্তু সোৱাদ তিতা। আনহাতে কোৰআন তিলাৱত নকৰা মুনাফিকৰ উদাহৰণ হৈছে কোৱাভাতুৰী ফলৰ দৰে, যাৰ কোনো সুগন্ধিও নাই আৰু সোৱাদো তিক্ত।"

ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কোৰআন তিলাৱত কৰা আৰু ইয়াৰ দ্বাৰা উপকৃত হোৱা লোকৰ প্ৰকাৰভেদ উল্লেখ কৰিছেঃ
প্ৰথম প্ৰকাৰ হৈছে সেইজন মুমিন যিয়ে কোৰআন তিলাৱত কৰে আৰু তাৰ দ্বাৰা উপকৃত হয়। তেওঁ হৈছে বিৰা-জৰা ফলৰ দৰে, যিটো দেখাতো সুন্দৰ, সুগন্ধিও উত্তম আৰু সোৱাদো উৎকৃষ্ট, যাৰ উপকাৰো বহুত। কাৰণ তেওঁ যি পঢ়ে সেই মুতাবিক আমল কৰে আৰু আল্লাহৰ অন্যান্য বান্দাকো উপকৃত কৰে।
দ্বিতীয় প্ৰকাৰ হৈছে সেইজন মুমিন, যিয়ে কোৰআন তিলাৱত নকৰে, তেওঁ হৈছে খেজুৰৰ দৰে। যাৰ সোৱাদ মিঠা, কিন্তু কোনো সুগন্ধি নাই। যিদৰে খেজুৰ মিঠা, সেইদৰে এনেকুৱা মুমিনৰ অন্তৰো ঈমানৰ দ্বাৰা পৰিপূৰ্ণ। কিন্তু মানুহে শুঙিব পৰা কোনো সগন্ধি নাই, অৰ্থাৎ তেওঁ তিলাৱত নকৰাৰ কাৰণে মানুহে তাৰ কিৰাআতৰ পৰা শান্তি লাভ কৰিব নোৱাৰে।
তৃতীয় প্ৰকাৰ হৈছে এনেকুৱা মুনাফিক যিয়ে কোৰআন তিলাৱত কৰে। সি হৈছে সুগন্ধিযুক্ত ফুলৰ দৰে। যাৰ সুগন্ধি ভাল কিন্তু সোৱাদ তিতা। কাৰণ তাৰ অন্তৰ ঈমানৰ দ্বাৰা সংশোধিত নহয়, আৰু সি কোৰআন মতে আমলো নকৰে। মানুহক দেখুৱাই ফুৰে যে সিও এজন মুমিন। গতিকে তাৰ সুগন্ধি ভাল, যিহেতু সি কোৰআন তিলাৱত কৰে, কিন্তু তাৰ সোৱাদ তিতা, কাৰণ অন্তৰত কুফৰ আছে।
চতুৰ্থ প্ৰকাৰ হৈছে সেইজন মুনাফিক যিয়ে কোৰআন তিলাৱত নকৰে। সি হৈছে কোৱাভাতুৰী ফলৰ দৰে, যাৰ কোনো সুগন্ধি নাই আৰু সোৱাদো তিতা। যিহেতু সি তিলাৱত নকৰে, সেয়ে তাৰ কোনো সুগন্ধি নাই, সেইকাৰণে তাৰ উদাহৰণ ইয়াৰ দ্বাৰা দিয়া হৈছে। এইদৰে এই ফলৰ সোৱাদ যেনেকুৱা তিতা, ঠিক সেইদৰে সেই ব্যক্তিয়ে অন্তৰত গোপন ৰখা কুফৰৰ সোৱাদো তিতা। কাৰণ তাৰ অন্তৰ হৈছে ঈমান শূন্য আৰু বাহ্যিক দিশতো কোনো উপকাৰ নাই। সেয়ে সি সমাজৰ বাবে ক্ষতিকাৰক।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম ছাৱাহিলী পুস্তু السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোত কোৰআন তিলাৱতকাৰী আৰু কোৰআন মুতাবিক আমলকাৰীৰ গুৰুত্ব বৰ্ণিত হৈছে।
  2. প্ৰশিক্ষণৰ অন্যতম উপায় হৈছে উদাহৰণৰ জৰিয়তে বুজাই দিয়া, যাতে সহজে বুজি পায়।
  3. প্ৰতিজন মুছলিমে নিয়মিতভাৱে আল্লাহৰ কিতাব কোৰআন তিলাৱত কৰা উচিত।