عن أبي مسعود رضي الله عنه قال: قال النبي صلى الله عليه وسلم:
«مَنْ قَرَأَ بِالْآيَتَيْنِ مِنْ آخِرِ سُورَةِ الْبَقَرَةِ فِي لَيْلَةٍ كَفَتَاهُ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 5009]
المزيــد ...

আবু মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
যি ব্যক্তিয়ে ছুৰা বাক্বাৰাৰ শেষৰ আয়াত দুটা ৰাতিত তিলাৱত কৰিব, সেই ব্যক্তিৰ (নিৰাপত্তাৰ) বাবে এই দুটা আয়াতেই যথেষ্ট হ’ব।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 5009]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যি ব্যক্তিয়ে ছুৰা বাক্বাৰাৰ শেষৰ দুই আয়াত ৰাতিত তিলাৱত কৰিব তাক আল্লাহে সকলো ধৰণৰ অনিষ্টৰ পৰা ৰক্ষা কৰিব। কিছুমানে কৈছেঃ তেওঁ তাহাজ্জুদ পঢ়াৰ ছোৱাব লাভ কৰিব, আৰু আন কিছুমানে কৈছেঃ দুআ দুৰূদ পঢ়াৰ ছোৱাব লাভ কৰিব, আকৌ আন কিছুমানে কৈছেঃ তাহাজ্জুদত নূন্যতম এই দুটা আয়াত পঢ়িলেই যথেষ্ট। ইয়াৰ বাহিৰেও বেলেগ বেলেগ কথা কোৱা হৈছে। এই বিষয়ে উত্থাপিত প্ৰায়বোৰ কথাই হাদীছৰ শব্দৰ ভাৱাৰ্থৰ সৈতে মিল আছে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. হাদীছটোত ছুৰা বাক্বাৰাৰ শেষ দুই আয়াতৰ গুৰুত্ব বৰ্ণিত হৈছে। সেই আয়াত দুটা হৈছেঃ আ-মানাৰ ৰাছুলুৰ ----- পৰা আৰম্ভ কৰি ছুৰাৰ শেষলৈকে)
  2. ছুৰা বাক্বাৰাৰ শেষৰ দুই আয়াত ৰাতিত পঢ়িলে মানুহে বিভিন্ন ধৰণৰ অনিষ্টতা আৰু চয়তানৰ পৰা সুৰক্ষিত থাকে।
  3. সূৰ্য অস্ত যোৱাৰ লগে লগে ৰাতি আৰম্ভ হয় আৰু ফজৰ উদয় হোৱাৰ লগে লগে ৰাতি শেষ হয়।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (63)
অধিক