عَنْ عُمَرَ بْنِ الخَطَّابِ رَضِيَ اللَّهُ عَنْهُ:
أَنَّ رَجُلًا مِنَ اليَهُودِ قَالَ لَهُ: يَا أَمِيرَ المُؤْمِنِينَ، آيَةٌ فِي كِتَابِكُمْ تَقْرَؤُونَهَا، لَوْ عَلَيْنَا مَعْشَرَ اليَهُودِ نَزَلَتْ لاَتَّخَذْنَا ذَلِكَ اليَوْمَ عِيدًا، قَالَ: أَيُّ آيَةٍ؟ قَالَ: {اليَوْمَ أَكْمَلْتُ لَكُمْ دِينَكُمْ وَأَتْمَمْتُ عَلَيْكُمْ نِعْمَتِي وَرَضِيتُ لَكُمُ الإِسْلاَمَ دِينًا} [المائدة: 3] قَالَ عُمَرُ: قَدْ عَرَفْنَا ذَلِكَ اليَوْمَ، وَالمَكَانَ الَّذِي نَزَلَتْ فِيهِ عَلَى النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، وَهُوَ قَائِمٌ بِعَرَفَةَ يَوْمَ جُمُعَةٍ.

[صحيح] - [متفق عليه] - [صحيح البخاري: 45]
المزيــد ...

ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,
এজন ইয়াহুদীয়ে তেওঁক ক'লেঃ হে আমীৰুল মুমিনীন! আপোনালোকৰ কিতাবত এটা আয়াত আছে, যিটো আপোনালোকে পাঠ কৰি থাকে, সেই আয়াতটো যদি আমাৰ ইয়াহুদীসকলৰ ওপৰত অৱতীৰ্ণ হ'লহেঁতেন তেন্তে আমি সেই দিৱসটোক উৎসৱ হিচাপে পালন কৰিলোঁহেঁতেন। তেওঁ ক'লেঃ কোনটো আয়াত? ব্যক্তিজনে ক'লেঃ {اليَوْمَ أَكْمَلْتُ لَكُمْ دِينَكُمْ وَأَتْمَمْتُ عَلَيْكُمْ نِعْمَتِي وَرَضِيتُ لَكُمُ الإِسْلاَمَ دِينًا} অৰ্থঃ আজি মই তোমালোকৰ বাবে তোমালোকৰ ধৰ্মক পূৰ্ণাঙ্গ কৰিলোঁ, আৰু তোমালোকৰ ওপৰত মোৰ নিয়ামত সম্পূৰ্ণ কৰিলোঁ, লগতে ইছলামক মই তোমালোকৰ বাবে দ্বীন হিচাপে মনোনীত কৰিলোঁ। (ছুৰা আল-মায়িদাহঃ ৩) তেতিয়া ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ আমি সেই দিৱস সম্পৰ্কেও অৱগত, আৰু সেই ঠাই সম্পৰ্কেও অৱগত যি ঠাইত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত এই আয়াতটো অৱতীৰ্ণ হৈছিল। (সেই সময়ছোৱাত) তেখেতে আৰাফাত থিয় হৈ আছিল আৰু দিনটো আছিল জুমুআৰ দিন।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 45]

ব্যাখ্যা

এজন ইয়াহুদী ব্যক্তি আমীৰুল মুমিনীন ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰলৈ আহি ক'লেঃ আপোনালোকৰ গ্ৰন্থত এটা আয়াত আছে, যিটো আপোনালোকে পাঠ কৰি থাকে, সেই আয়াতটো যদি আমি ইয়াহুদীসকলৰ তাওৰাতত থাকিলহেঁতেন তেন্তে আমি সেই দিৱসটোক উৎসৱ হিচাপে পালন কৰিলোঁহেঁতেন। এই মহান আয়াতটো অৱতীৰ্ণ হোৱাৰ চুকৰিয়া হিচাপে আমি এইটো কৰিলোঁহেঁতেন। তেতিয়া ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে সুধিলেঃ তুমি কোনটো আয়াতৰ কথা কৈ আছা? ব্যক্তিজনে ক'লেঃ "আজি মই তোমালোকৰ বাবে তোমালোকৰ ধৰ্মক পূৰ্ণাঙ্গ কৰিলোঁ, আৰু তোমালোকৰ ওপৰত মোৰ নিয়ামত সম্পূৰ্ণ কৰিলোঁ, লগতে ইছলামক মই তোমালোকৰ বাবে দ্বীন হিচাপে মনোনীত কৰিলোঁ।" ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ আমি সেই দিনটোৰ বিষয়েও জানো আৰু স্থানটোৰ বিষয়ে জানো, যিদিনা এই আয়াতটো অৱতীৰ্ণ হৈছিল। এই আয়াতটো ঈদৰ দিনা অৱতীৰ্ণ হৈছিল আৰু দিনটো আছিল জুমুআৰ দিন, সেইদিনা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰাফাত থিয় হৈ আছিল। দুয়োটা দিৱসেই হৈছে মুছলিমসকলৰ ওচৰত মহান দিন।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোৰ দ্বাৰা বুজা যায় যে, ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে আয়াত অৱতীৰ্ণ হোৱাৰ ঠাই আৰু সময় সম্পৰ্কেও জ্ঞান ৰাখিছিল।
  2. এই আয়াতটোত সেইসমূহ অনুগ্ৰহৰ বৰ্ণনা আছে, যিবোৰ অনুগ্ৰহ মহান আল্লাহে এই উম্মতৰ ওপৰত কৰিছে, যেনে- এই উম্মতৰ বাবে দ্বীনক পূৰ্ণতা দান কৰিছে আৰু এই উম্মতৰ ওপৰত তেওঁৰ নিয়ামত সম্পূৰ্ণ কৰিছে, ফলত এই দ্বীনৰ ভিতৰত অতিৰিক্ত কোনো বিষয়ৰ প্ৰয়োজন নাই। গতিকে মহান আল্লাহে ইয়াক পূৰ্ণতা দান কৰাৰ পিছত, এই দ্বীনৰ ভিতৰত যিবোৰ বিষয় চৰীয়তৰ নামত উদ্ভাৱন কৰা হৈছে, যিবোৰৰ কোনো উপযুক্ত প্ৰমাণ নাই, সেই সকলোবোৰ বিষয় হৈছে বাতিল তথা নিকৃষ্ট বিদ্আত। যেনে- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা প্ৰমাণিত আছে যে, তেখেতে কৈছে: "যিয়ে আমাৰ দ্বীনৰ মাজত এনেকুৱা কোনো নতুন বিষয় সংযুক্ত কৰিব, যিটো ইয়াৰ অংশ নহয়, সেয়া হৈছে প্ৰত্যাখ্যাত, (অৰ্থাৎ সেয়া গ্ৰহণযোগ্য নহয়)।"
  3. এই হাদীছৰ দ্বাৰা প্ৰমাণিত হয় যে, মতামত বা মনে বিচৰাটো কোনো উৎসৱ পালনৰ দলীল হ'ব নোৱাৰে, তথা মনে সজা কোনো উৎসৱ পালন কৰা চৰীয়তসন্মতও নহয়, যিদৰে আমাৰ পূৰ্বে অতিবাহিত হোৱা আহলে কিতাবসকলে কৰিছিল; বৰং এইটো হ'ব লাগিব চৰীয়তৰ দলীল প্ৰমাণৰ ভিত্তিত আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণৰ ভিত্তিত। গতিকে দ্বীনৰ পূৰ্ণতা আৰু নিয়ামতৰ সম্পূৰ্ণতাৰ ঘোষণা প্ৰদান কৰি মহান আল্লাহে যেতিয়া এই আয়াতটো অৱতীৰ্ণ কৰিছিল, চৰীয়তৰ দৃষ্টিত সেই দিৱসটো আছিল এই উম্মতৰ বাবে দুটা দিশৰ পৰা উৎসৱৰ দিন। প্ৰথম: এইটো আছিল সাপ্তাহিক উৎসৱৰ দিন, অৰ্থাৎ জুমুআৰ দিন। দ্বিতীয়: এইটো আছিল হজ্জৰ দিন, অৰ্থাৎ হাজীসকলৰ বাবে ডাঙৰ সমাৱেশৰ দিন আৰু তেওঁলোকৰ শ্ৰেষ্ঠ স্থান।
  4. শ্বাইখ ছা'দী ৰাহিমাহুল্লাহে এই আয়াতৰ তাফছীৰত কৈছে: {আজি মই তোমালোকৰ বাবে তোমালোকৰ দ্বীনক পূৰ্ণতা দান কৰিলোঁ} পূৰ্ণ বিজয় দান কৰিলোঁ, প্ৰকাশ্য অপ্ৰকাশ্য, মৌলিক আৰু শাখাগত সকলো বিধানৰ পূৰ্ণতা দান কৰিলোঁ। এই কাৰণেই কোৰআন আৰু ছুন্নাহ সকলো ক্ষেত্ৰতেই সম্পূৰ্ণৰূপে যথেষ্ট, দ্বীনৰ মৌলিক আৰু শাখাগত সকলো বিধানৰ ক্ষেত্ৰতেই। গতিকে কোনো ব্যক্তিয়ে যদি এই দাবী কৰে যে, মানুহে তেওঁলোকৰ আক্বীদাহ আৰু বিধানসমূহ জানিবলৈ কোৰআন-ছুন্নাহৰ জ্ঞানৰ বাহিৰে বেলেগ কোনো জ্ঞানৰো প্ৰয়োজন আছে, যেনে- কালাম শাস্ত্ৰ আদি, তেন্তে সি হৈছে এজন অজ্ঞ ব্যক্তি, তাৰ দাবী হৈছে বাতিল। কিয়নো তাৰ দাবীয়ে এইটো বুজায় যে, এই দ্বীন পূৰ্ণাংগ নহয়, বৰং তাৰ দাবী মুতাবিকহে পূৰ্ণাংগ হ'ব। এনেকুৱা ধাৰণা হৈছে মহা অন্যায় তথা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি থকা মহা অজ্ঞতা। {আৰু মই তোমালোকৰ ওপৰত মোৰ নিয়ামত সম্পূৰ্ণ কৰিলোঁ} প্ৰকাশ্য অপ্ৰকাশ্য সকলো প্ৰকাৰ নিয়ামত। {আৰু মই তোমালোকৰ বাবে ইছলামক দ্বীন হিচাপে মনোনীত কৰিলোঁ} অৰ্থাৎ মই ইয়াক তোমালোকৰ বাবে দ্বীন হিচাপে নিৰ্বাচিত কৰিলোঁ আৰু মনোনীত কৰিলোঁ, আৰু ইয়াক তোমালোকৰ বাবে নিৰ্ধাৰণ কৰি সন্তুষ্ট হৈছোঁ। গতিকে তোমালোকে নিজ প্ৰতিপালকৰ কৃতজ্ঞতা জ্ঞাপন কৰি এই দ্বীন মুতাবিক জীৱন যাপন কৰা, আৰু তেওঁৰ প্ৰশংসা কৰা, যিজনে তোমালোকক শ্ৰেষ্ঠ, সন্মানীয় আৰু পূৰ্ণাংগ দ্বীন প্ৰদান কৰিছে।
অনুবাদ চাওক
ভাষা: ইংৰাজী ইন্দোনেচিয়ান বাংলা অধিক (22)
অধিক