عَنْ عُمَرَ بْنِ الخَطَّابِ رَضِيَ اللَّهُ عَنْهُ:
أَنَّ رَجُلًا مِنَ اليَهُودِ قَالَ لَهُ: يَا أَمِيرَ المُؤْمِنِينَ، آيَةٌ فِي كِتَابِكُمْ تَقْرَؤُونَهَا، لَوْ عَلَيْنَا مَعْشَرَ اليَهُودِ نَزَلَتْ لاَتَّخَذْنَا ذَلِكَ اليَوْمَ عِيدًا، قَالَ: أَيُّ آيَةٍ؟ قَالَ: {اليَوْمَ أَكْمَلْتُ لَكُمْ دِينَكُمْ وَأَتْمَمْتُ عَلَيْكُمْ نِعْمَتِي وَرَضِيتُ لَكُمُ الإِسْلاَمَ دِينًا} [المائدة: 3] قَالَ عُمَرُ: قَدْ عَرَفْنَا ذَلِكَ اليَوْمَ، وَالمَكَانَ الَّذِي نَزَلَتْ فِيهِ عَلَى النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، وَهُوَ قَائِمٌ بِعَرَفَةَ يَوْمَ جُمُعَةٍ.
[صحيح] - [متفق عليه] - [صحيح البخاري: 45]
المزيــد ...
ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে,
এজন ইয়াহুদীয়ে তেওঁক ক'লেঃ হে আমীৰুল মুমিনীন! আপোনালোকৰ কিতাবত এটা আয়াত আছে, যিটো আপোনালোকে পাঠ কৰি থাকে, সেই আয়াতটো যদি আমাৰ ইয়াহুদীসকলৰ ওপৰত অৱতীৰ্ণ হ'লহেঁতেন তেন্তে আমি সেই দিৱসটোক উৎসৱ হিচাপে পালন কৰিলোঁহেঁতেন। তেওঁ ক'লেঃ কোনটো আয়াত? ব্যক্তিজনে ক'লেঃ {اليَوْمَ أَكْمَلْتُ لَكُمْ دِينَكُمْ وَأَتْمَمْتُ عَلَيْكُمْ نِعْمَتِي وَرَضِيتُ لَكُمُ الإِسْلاَمَ دِينًا} অৰ্থঃ আজি মই তোমালোকৰ বাবে তোমালোকৰ ধৰ্মক পূৰ্ণাঙ্গ কৰিলোঁ, আৰু তোমালোকৰ ওপৰত মোৰ নিয়ামত সম্পূৰ্ণ কৰিলোঁ, লগতে ইছলামক মই তোমালোকৰ বাবে দ্বীন হিচাপে মনোনীত কৰিলোঁ। (ছুৰা আল-মায়িদাহঃ ৩) তেতিয়া ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ আমি সেই দিৱস সম্পৰ্কেও অৱগত, আৰু সেই ঠাই সম্পৰ্কেও অৱগত যি ঠাইত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত এই আয়াতটো অৱতীৰ্ণ হৈছিল। (সেই সময়ছোৱাত) তেখেতে আৰাফাত থিয় হৈ আছিল আৰু দিনটো আছিল জুমুআৰ দিন।
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 45]
এজন ইয়াহুদী ব্যক্তি আমীৰুল মুমিনীন ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰলৈ আহি ক'লেঃ আপোনালোকৰ গ্ৰন্থত এটা আয়াত আছে, যিটো আপোনালোকে পাঠ কৰি থাকে, সেই আয়াতটো যদি আমি ইয়াহুদীসকলৰ তাওৰাতত থাকিলহেঁতেন তেন্তে আমি সেই দিৱসটোক উৎসৱ হিচাপে পালন কৰিলোঁহেঁতেন। এই মহান আয়াতটো অৱতীৰ্ণ হোৱাৰ চুকৰিয়া হিচাপে আমি এইটো কৰিলোঁহেঁতেন। তেতিয়া ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে সুধিলেঃ তুমি কোনটো আয়াতৰ কথা কৈ আছা? ব্যক্তিজনে ক'লেঃ "আজি মই তোমালোকৰ বাবে তোমালোকৰ ধৰ্মক পূৰ্ণাঙ্গ কৰিলোঁ, আৰু তোমালোকৰ ওপৰত মোৰ নিয়ামত সম্পূৰ্ণ কৰিলোঁ, লগতে ইছলামক মই তোমালোকৰ বাবে দ্বীন হিচাপে মনোনীত কৰিলোঁ।" ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ আমি সেই দিনটোৰ বিষয়েও জানো আৰু স্থানটোৰ বিষয়ে জানো, যিদিনা এই আয়াতটো অৱতীৰ্ণ হৈছিল। এই আয়াতটো ঈদৰ দিনা অৱতীৰ্ণ হৈছিল আৰু দিনটো আছিল জুমুআৰ দিন, সেইদিনা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আৰাফাত থিয় হৈ আছিল। দুয়োটা দিৱসেই হৈছে মুছলিমসকলৰ ওচৰত মহান দিন।