عَنِ ابْنِ عَبَّاسٍ رَضِيَ اللَّهُ عَنْهُما قَالَ:
إِنَّ اللهَ عَزَّ وَجَلَّ أَنْزَلَ: {وَمَنْ لَمْ يَحْكُمْ بِمَا أَنْزَلَ اللهُ فَأُولَئِكَ هُمِ الْكَافِرُونَ} [المائدة: 44] وَ {فَأُولَئِكَ هُمُ الظَّالِمُونَ} [المائدة: 45] وَ {فَأُولَئِكَ هُمُ الْفَاسِقُونَ} [المائدة: 47] ، قَالَ: قَالَ ابْنُ عَبَّاسٍ: أَنْزَلَهَا اللهُ فِي الطَّائِفَتَيْنِ مِنَ اليَهُودِ، وَكَانَتْ إِحْدَاهُمَا قَدْ قَهَرَتِ الأُخْرَى فِي الجَاهِلِيَّةِ، حَتَّى ارْتَضَوْا وَاصْطَلَحُوا عَلَى أَنَّ كُلَّ قَتِيلٍ قَتَلَتْهُ العَزِيزَةُ مِنَ الذَّلِيلَةِ فَدِيَتُهُ خَمْسُونَ وَسْقًا، وَكُلَّ قَتِيلٍ قَتَلَتْهُ الذَّلِيلَةُ مِنَ العَزِيزَةِ فَدِيَتُهُ مِائَةُ وَسْقٍ، فَكَانُوا عَلَى ذَلِكَ حَتَّى قَدِمَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ المَدِينَةَ، وَذَلَّتِ الطَّائِفَتَانِ كِلْتَاهُمَا لِمَقْدَمِ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، ورَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَوْمَئِذٍ لَمْ يَظْهَرْ، وَلَمْ يُوطِئْهُمَا عَلَيْهِ، وَهُوَ فِي الصُّلْحِ، فَقَتَلَتِ الذَّلِيلَةُ مِنَ العَزِيزَةِ قَتِيلًا، فَأَرْسَلَتِ العَزِيزَةُ إِلَى الذَّلِيلَةِ: أَنِ ابْعَثُوا إِلَيْنَا بِمِائَةِ وَسْقٍ، فَقَالَتِ الذَّلِيلَةُ: وَهَلْ كَانَ هَذَا فِي حَيَّيْنِ قَطُّ دِينُهُمَا وَاحِدٌ، وَنَسَبُهُمَا وَاحِدٌ، وَبَلَدُهُمَا وَاحِدٌ، دِيَةُ بَعْضِهِمْ نِصْفُ دِيَةِ بَعْضٍ؟ إِنَّا إِنَّمَا أَعْطَيْنَاكُمْ هَذَا ضَيْمًا مِنْكُمْ لَنَا، وَفَرَقًا مِنْكُمْ، فَأَمَّا إِذْ قَدِمَ مُحَمَّدٌ فَلَا نُعْطِيكُمْ ذَلِكَ، فَكَادَتِ الحَرْبُ تَهِيجُ بَيْنَهُمَا، ثُمَّ ارْتَضَوْا عَلَى أَنْ يَجْعَلُوا رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ بَيْنَهُمْ، ثُمَّ ذَكَرَتِ العَزِيزَةُ، فَقَالَتْ: وَاللهِ مَا مُحَمَّدٌ بِمُعْطِيكُمْ مِنْهُمْ ضِعْفَ مَا يُعْطِيهِمْ مِنْكُمْ، وَلَقَدْ صَدَقُوا، مَا أَعْطَوْنَا هَذَا إِلَّا ضَيْمًا مِنَّا، وَقَهْرًا لَهُمْ، فَدُسُّوا إِلَى مُحَمَّدٍ مَنْ يَخْبُرُ لَكُمْ رَأْيَهُ: إِنْ أَعْطَاكُمْ مَا تُرِيدُونَ حَكَّمْتُمُوهُ، وَإِنْ لَمْ يُعْطِكُمْ حَذِرْتُمْ فَلَمْ تُحَكِّمُوهُ، فَدَسُّوا إِلَى رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ نَاسًا مِنَ المُنَافِقِينَ لِيَخْبُرُوا لَهُمْ رَأْيَ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَلَمَّا جَاءَ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَخْبَرَ اللهُ رَسُولَهُ بِأَمْرِهِمْ كُلِّهِ وَمَا أَرَادُوا، فَأَنْزَلَ اللهُ عَزَّ وَجَلَّ {يَا أَيُّهَا الرَّسُولُ لَا يَحْزُنْكَ الَّذِينَ يُسَارِعُونَ فِي الْكُفْرِ مِنَ الذِينَ قَالُوا آمَنَّا} [المائدة: 41] إِلَى قَوْلِهِ: {وَمَنْ لَمْ يَحْكُمْ بِمَا أَنْزَلَ اللهُ فَأُولَئِكَ هُمِ الْفَاسِقُونَ} [المائدة: 47] ثُمَّ قَالَ فِيهِمَا: وَاللهِ نَزَلَتْ، وَإِيَّاهُمَا عَنَى الله عَزَّ وَجَلَّ.

[حسن] - [رواه أحمد] - [مسند أحمد: 2212]
المزيــد ...

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
নিশ্চয় সৰ্বশক্তিমান আল্লাহে অৱতীৰ্ণ কৰিছে যে, "আৰু যিসকলে আল্লাহে অৱতীৰ্ণ কৰা বিধানমতে বিচাৰ নকৰে, সিহঁতেই হৈছে কাফিৰ।" (ছুৰা আল-মায়িদা: ৪৪) আৰু কৈছেঃ "সিহঁতেই হৈছে যালিম।" (ছুৰা আল-মায়িদা: ৪৫) আৰু কৈছেঃ "সিহঁতেই হৈছে ফাছিক্ব।" (ছুৰা আল-মায়িদা: ৪৭)। ইবনু আব্বাছ (ৰাদ্বিয়াল্লাহু আনহুৱে) কৈছে: আল্লাহে এইটো ইহুদীসকলৰ দুটা দলৰ বিষয়ে অৱতীৰ্ণ কৰিছিল। অজ্ঞতা যুগত সেই দুটা দলৰ এটাই আনটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল। অৱশেষত সিহঁতে ইয়াৰ ওপৰত সন্মত হৈছিল আৰু সন্ধি কৰিছিল যে, প্ৰভাৱশালী দলে যদি দুৰ্বল দলৰ কোনো লোকক হত্যা কৰে, তেন্তে তাৰ দিয়ত (ৰক্তপণ) হ'ব পঞ্চাশ অছাক (খাদ্যদ্ৰৱ্য)। আনহাতে দুৰ্বল দলে যদি প্ৰভাৱশালী দলৰ কোনো লোকক হত্যা কৰে, তেন্তে তাৰ দিয়ত হ'ব এশ অছাক। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ আগমন নকৰালৈকে সিহঁতে এই নিয়মৰ ওপৰতেই চলি আছিল। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ আগমন কৰাৰ পিছত দুয়োটা দলেই দুৰ্বল হৈ পৰিছিল। তেতিয়ালৈকে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সিহঁতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা নাছিল আৰু সিহঁতৰ ওপৰত তেখেতৰ আধিপত্য স্থাপন কৰা নাছিল; বৰং তেখেত সেই সময়ছোৱালৈকে সন্ধিৰ অৱস্থাত আছিল। এনে অৱস্থাত সিহঁতৰ মাজৰ দুৰ্বল দলে প্ৰভাৱশালী দলৰ এজন ব্যক্তিক হত্যা কৰিলে। প্ৰভাৱশালী দলে দুৰ্বল দলৰ ওচৰলৈ বাৰ্তা পঠিয়ালে যে, তোমালোকে আমাৰ ওচৰলৈ এশ অছাক ৰক্তপণ পঠিয়াই দিয়া। দুৰ্বল দলে ক'লে: দুটা দলৰ ধর্ম এক, বংশ এক আৰু দেশ এটা হোৱা সত্ত্বেও এটা দলৰ দিয়ত আনটো দলৰ দিয়তৰ তুলনাত কেনেকৈ অৰ্দ্ধেক হ'ব পাৰে? আমি কেৱল তোমালোকৰ অন্যায়-অত্যাচাৰ আৰু তোমালোকৰ ভয়তহে এই অতিৰিক্ত দিয়ত দিছিলোঁ। এতিয়া যিহেতু মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ আগমণ ঘটিছে, গতিকে আমি এতিয়া আৰু তোমালোকক সেই পৰিমাণ দিয়ত আদায় নিদিওঁ। ইয়াৰ ফলত দুয়োটা দলৰ মাজত যুদ্ধ হোৱাৰ উপক্ৰম হ'ল। তাৰ পিছত সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক মধ্যস্থতাকাৰী হিচাপে মানি লৈ মীমাংসা কৰিবলৈ সন্মত হ'ল। তেতিয়া প্ৰভাৱশালী দলটোৱে (গোপনে বৈঠক কৰি) ক'লে: আল্লাহৰ শপত! মুহাম্মদে তোমালোকক সিহঁতৰ পৰা কেতিয়াও দ্বিগুণ দিয়ত আদায় কৰি নিদিব, বৰং সিহঁতে যি পায়, তোমালোকেও তাকেই পাবা। সিহঁতে কোৱা কথাখিনি মিছা নহয়, আমি কেৱল জোৰ-জবৰদস্তি কৰিহে সিহঁতৰ পৰা এই অতিৰিক্ত দিয়ত লৈছিলোঁ। (তাৰ পিছত সিহঁতে পৰামৰ্শ কৰি সিদ্ধান্ত ল'লে যে,) তোমালোকে মুহাম্মদৰ ওচৰলৈ গোপনে লোক পঠিওৱা, যাতে তেওঁৰ মতামত সম্পৰ্কে অৱগত হ'ব পাৰে। যদি তেওঁ তোমালোকৰ আশা অনুৰূপ সিদ্ধান্ত দিয়ে, তেন্তে তোমালোকে তেওঁক বিচাৰক হিচাপে গ্ৰহণ কৰিবা, আৰু যদি বিপক্ষে ফয়চালা দিয়ে, তেন্তে সাৱধানতা অৱলম্বন কৰি তেওঁক বিচাৰক হিচাপে মানি নল'বা। তাৰ পিছত সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ কিছুমান মুনাফিকক গোপনে পঠিয়ালে, যাতে সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মতামত সম্পৰ্কে জ্ঞাত হ'ব পাৰে। যেতিয়া সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল, তেতিয়া আল্লাহে তেওঁৰ ৰাছুলক সিহঁতৰ সকলো উদ্দেশ্য আৰু চক্ৰান্ত সম্পৰ্কে অৱগত কৰালে। সৰ্বশক্তিমান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলে: "হে ৰাছুল! আপুনি সিহঁতৰ বাবে চিন্তিত নহ’ব যিসকলে কুফুৰীৰ ফালে দ্ৰুত গতিত আগুৱাই যায়—যিসকলে মুখেৰে কয়, ‘আমি ঈমান আনিছোঁ’, অথচ সিহঁতৰ অন্তৰে ঈমান পোষণ কৰা নাই..." (ছুৰা আল-মায়িদা: ৪১) এই আয়াতলৈকেঃ "কাৰণ আল্লাহে যিবোৰ বিধান অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে ফয়চালা নকৰে সিহঁতেই হৈছে ফাছিক্ব।" (ছুৰা আল-মায়িদা: ৪৭)। ইয়াৰ পিছত ইবনে আব্বাছে এই দল দুটাৰ বিষয়ে কৈছে: আল্লাহৰ শপত! এই আয়াতবোৰ (বিশেষকৈ) এই দুটা দলক কেন্দ্ৰ কৰিয়ে অৱতীৰ্ণ হৈছিল।

[হাছান] - [(আহমদ)] - [মুছনাদ আহমদ - 2212]

ব্যাখ্যা

মদীনাত থকা ইয়াহুদীসকলৰ বনু কুৰাইজা আৰু বনু নাজীৰ গোত্ৰই অজ্ঞতা যুগত ইটোৱে সিটোক পৰাস্ত কৰি প্ৰভাৱ বিস্তাৰ কৰিছিল। লগতে উভয় গোত্ৰই এই সিদ্ধান্ত উপনীত হৈছিল যে, যিটো গোত্ৰই প্ৰভাৱ বিস্তাৰ কৰিব সেইটো দলে যদি দুৰ্বল দলৰ কোনো লোকক হত্যা কৰে তেন্তে ইয়াৰ ৰক্তপণ হ'ব পঞ্চাছ অছাক্ব। আনহাতে দুৰ্বল দলৰ কোনোবাই যদি প্ৰভাৱ বিস্তাৰ কৰা দলৰ কাৰোবাক হত্যা কৰে তেন্তে ইয়াৰ ৰক্তপণ হ'ব দ্বিগুণ, এশ অছাক্ব। এক অছাক্ব হৈছে ষাঠি ছা। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ হিজৰত কৰি নহালৈকে সিহঁতে এই নীতিৰ ওপৰতেই প্ৰতিষ্ঠিত আছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আগমনৰ পিছত দুয়োটা দলেই দুৰ্বল হৈ পৰিছিল। কিন্তু তেতিয়ালৈকেও নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সিহঁতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা নাছিল, আৰু সিহঁতক তেখেতৰ অধীনস্থ কৰা নাছিল। কাৰণ এইটো আছিল হিজৰতৰ প্ৰথম সময়ছোৱা। এই সময়ছোৱাত তেখেতে সিহঁতৰ সৈতে সন্ধিত আছিল। এই সময়ছোৱাতে দুৰ্বল দলৰ এজনে সিহঁতৰ মাজৰ শক্তিশালী দলৰ এজনক হত্যা কৰিলে। সেয়ে শক্তিশালী দলৰ দলপতিয়ে দুৰ্বল দলৰ ওচৰলৈ সংবাদ প্ৰেৰণ কৰিলে যে, তোমালোকে এই হত্যাকাণ্ডৰ ৰক্তপণ হিচাপে এশ অছাক্ব বিনিময় প্ৰেৰণ কৰা যিটো পূৰ্বেই আমাৰ মাজত বুজাবুজি আছিল। তেতিয়া দুৰ্বল দলটোৱে ক'লে যে, দুটা সম্প্ৰদায় যাৰ দ্বীন তথা ধৰ্ম এক, বংশ এক, দেশ এক হোৱা সত্ত্বেও সিহঁতৰ মাজৰ ৰক্তপণ ইজনৰ তুলনাত সিজনৰ ৰক্তপণ কিদৰে অৰ্দ্ধেক হ'ব পাৰে? ইতিপূৰ্বে আমি তোমালোকক যিটো দিছোঁ সেয়া আছিল কেৱল তোমালোকৰ অন্যায়-অত্যাচাৰৰ ফলত আৰু তোমালোকৰ ভয়তহে আমি তোমালোকক দিছিলোঁ। এতিয়া যিহেতু মুহাম্মদৰ আগমন হৈছে, সেয়ে আমি কেতিয়াও এনেকুৱা অন্যায় সহ্য নকৰোঁ। সিহঁতৰ মাজত প্ৰায় যুদ্ধ আৰম্ভ হোৱাৰ উপক্ৰম হয়। ইয়াৰ পিছত সিহঁতে এই মতত উপনীত হয় যে, উভয় পক্ষৰ মাজত মীমাংসা কৰিবলৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক বিচাৰক হিচাপে নিযুক্ত কৰা যাওক। ইয়াৰ পিছত শক্তিশালী দলটোৱে নিজাববীয়াকৈ চিন্তা-চৰ্চাত বহিল, সিহঁতে আলোচনা কৰিলে যে, মুহাম্মদে কেতিয়াও দ্বিগুণ ৰক্তপণৰ পক্ষত ফয়চালা নিদিব। আমাৰ প্ৰতিপক্ষই কোৱা কথাখিনি মিছাও নহয়, কাৰণ আমি সিহঁতৰ ওপৰত অন্যায় অত্যাচাৰ কৰিহে সিহঁতৰ পৰা দ্বিগুণ ৰক্তপণ লৈছিলোঁ। এইখিনি আলোচনাৰ পিছত সিহঁতে এই সিদ্ধান্তত উপনীত হ'ল যে, আমাৰ মাজৰ কাৰোবাক চোৰাংচোৱা হিচাপে প্ৰেৰণ কৰা হওক, সি তাত গৈ খবৰ অনাৰ চেষ্টা কৰিব। যদি মুহাম্মদে আমাৰ পক্ষত ফয়চালা দিয়ে তেন্তে আমি তাক বিচাৰক হিচাপে মানিম, আৰু যদি আমাৰ পক্ষত নিদিয়ে তেন্তে আমি তেওঁক বিচাৰক হিচাপে নামানো। এই পৰামৰ্শ অনুসৰি সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ কেইজন মান মুনাফিকক চোৰাংচোৱা হিচাপে প্ৰেৰণ কৰিলে, যাতে সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মতামত সম্পৰ্কে অনুমান কৰিব পাৰে। যেতিয়া সিহঁতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বৈঠকত আহি উপস্থিত হ'ল, মহান আল্লাহে অহী অৱতীৰ্ণ কৰিলে আৰু তেওঁৰ ৰাছুলক সেই সকলো ঘটনা সম্পৰ্কে জনাই দিলে আৰু সিহঁতৰ ইচ্ছা সম্পৰ্কেও অৱগত কৰালে। লগতে আল্লাহে পৱিত্ৰ কোৰআনৰ ছুৰা আল-মায়িদাৰ এই আয়াত অৱতীৰ্ণ কৰিলেঃ "হে ৰাছুল! আপুনি সিহঁতৰ বাবে চিন্তিত নহ’ব যিসকলে কুফুৰীৰ ফালে দ্ৰুত গতিত আগুৱাই যায়—যিসকলে মুখেৰে কয়, ‘আমি ঈমান আনিছোঁ’, অথচ সিহঁতৰ অন্তৰে ঈমান পোষণ কৰা নাই..." (ছুৰা আল-মায়িদা: ৪১) এই আয়াতলৈকেঃ "কাৰণ আল্লাহে যিবোৰ বিধান অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে ফয়চালা নকৰে সিহঁতেই হৈছে ফাছিক্ব।" (ছুৰা আল-মায়িদা: ৪৭)। ইয়াৰ পিছত ইবনে আব্বাছে এই দল দুটাৰ বিষয়ে কৈছে: আল্লাহৰ শপত! এই আয়াতবোৰ (বিশেষকৈ) এই দুটা দলক কেন্দ্ৰ কৰিয়ে অৱতীৰ্ণ হৈছিল। “আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিচাৰ মীমাংসা নকৰে, সিহঁতেই হৈছে কাফিৰ।” (ছুৰা আল-মায়িদাঃ ৪৪) ".... আৰু কাফিৰসকলেই হৈছে প্ৰকৃত অন্যায়কাৰী।" (ছুৰা আল-মায়িদাঃ ৪৫) "... সিহঁতেই হৈছে ফাছিক।" (ছুৰা আল-মায়িদাঃ ৪৭) সৰ্বশক্তিমান আল্লাহে এই দুটা সম্প্ৰদায়কে বুজাইছিল।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ইয়াহুদীসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্যবাদিতা আৰু বিশ্বস্ততা সম্পৰ্কে নিশ্চিতভাৱে অৱগত আছিল।
  2. ইয়াহুদীসকল অত্যন্ত চতুৰ চক্ৰান্তকাৰী আৰু অন্যায়কাৰী, আনকি নিজৰ প্ৰতিও অন্যায়কাৰী।
  3. মহান আল্লাহে পৱিত্ৰ কোৰআনত জনাইছে যে, ইয়াহুদীসকল পৃথিৱীত লাঞ্ছিত হ'ব আৰু আখিৰাতত আছে সিহঁতৰ বাবে মহা শাস্তি।
  4. আল্লাহে যি বিধান অৱতীৰ্ণ কৰিছে, সেই মুতাবিক ফয়চালা নকৰা আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ফয়চালাৰ প্ৰতি সন্তুষ্ট নোহোৱাটো হৈছে কুফৰী কৰ্ম, জুলুম তথা অন্যায় আৰু ফাছিক্বীৰ প্ৰমাণ।
  5. মুনাফিকসকলৰ ভয়াৱহতা, কাৰণ সিহঁতে ইয়াহুদীসকলক সহযোগিতা কৰে।
অনুবাদ চাওক
ভাষা: ইংৰাজী ইন্দোনেচিয়ান বাংলা অধিক (22)