عَنِ النُّعْمَانِ بْنِ بَشِيرٍ رَضيَ اللهُ عنهُما قَالَ:
كُنْتُ عِنْدَ مِنْبَرِ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَقَالَ رَجُلٌ: مَا أُبَالِي أَلَّا أَعْمَلَ عَمَلًا بَعْدَ الإِسْلَامِ إِلَّا أَنْ أُسْقِيَ الحَاجَّ، وَقَالَ آخَرُ: مَا أُبَالِي أَلَّا أَعْمَلَ عَمَلًا بَعْدَ الإِسْلَامِ إِلَّا أَنْ أَعْمُرَ المَسْجِدَ الحَرَامَ، وَقَالَ آخَرُ: الجِهَادُ فِي سَبِيلِ اللهِ أَفْضَلُ مِمَّا قُلْتُمْ، فَزَجَرَهُمْ عُمَرُ، وَقَالَ: لَا تَرْفَعُوا أَصْوَاتَكُمْ عِنْدَ مِنْبَرِ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَهُوَ يَوْمُ الجُمُعَةِ، وَلَكِنْ إِذَا صَلَّيْتُ الجُمُعَةَ دَخَلْتُ فَاسْتَفْتَيْتُهُ فِيمَا اخْتَلَفْتُمْ فِيهِ، فَأَنْزَلَ اللهُ عَزَّ وَجَلَّ: {أَجَعَلْتُمْ سِقَايَةَ الْحَاجِّ وَعِمَارَةَ الْمَسْجِدِ الْحَرَامِ كَمَنْ آمَنَ بِاللهِ وَالْيَوْمِ الْآخِرِ} [التوبة: 19] الآيَةَ إِلَى آخِرِهَا.
[صحيح] - [رواه مسلم] - [صحيح مسلم: 1879]
المزيــد ...
নুমান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
এদিনাখন মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মিম্মবৰৰ ওচৰত আছিলোঁ। তেতিয়া এজনে ক'লেঃ ইছলাম গ্ৰহণৰ পিছত মই এতিয়া যদি বেলেগ কোনো সৎকৰ্ম নকৰোঁ তথাপিও মোৰ কোনো অসুবিধা নাই, কিন্তু মই হাজীসকলক পানী পান কৰায়ে থাকিম। আন এজনে ক'লেঃ মুছলিম হোৱাৰ পিছত মই যদি বেলেগ আন কোনো সৎকৰ্ম নকৰোঁ তথাপিও মোৰ কোনো অসুবিধা নহ'ব, কিন্তু মই মছজিদুল হাৰামৰ মেৰামতিৰ কামত সদায় লাগি থাকিম। আন এজনে ক'লেঃ তোমালোকে যি যি কৈ আছা সেই সকলোবোৰতকৈ আল্লাহৰ পথত জিহাদ কৰাটোহে বেছি উত্তম। এইবোৰ শুনি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁলোকক ধমক দি ক'লেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ মিম্বৰৰ ওচৰত তোমালোকে এইদৰে উচ্চস্বৰে কথা নক'বা। সেইটো আছিল জুমুআৰ দিন। শুনা! জুমুআৰ চালাত আদায় হোৱাৰ পিছত মই তেখেতৰ ওচৰলৈ গৈ তোমালোকে মতানৈক্য কৰা বিষয়টো সম্পৰ্কে সুধিম। ইপিনে সৰ্বশক্তিমান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ "হাজীসকলক পানী পান কৰোৱা আৰু মছজিদুল হাৰামৰ তত্বাৱধান কৰা কাৰ্যক তোমালোকে সেই ব্যক্তিৰ দৰে ধাৰণা কৰা নেকি, যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে?....." (ছুৰা আত-তাওবাঃ ১৯) আয়াতটোৰ শেষলৈকে।
[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 1879]
হাদীছটোত নুমান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু আনহুমাই উল্লেখ কৰিছে যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মিম্বৰৰ ওচৰতে বহি আছিল। সেই সময়ছোৱাতে তেওঁ এজন ব্যক্তিক কোৱা শুনিলে যে, মই ইছলাম গ্ৰহণ কৰাৰ পিছত এতিয়া যদি হাজীসকলক পানী খুউৱাৰ বাদে আন কোনো আমল নকৰিলেও মোৰ কোনো অসুবিধা নাই। আন এজনে ক'লেঃ মই ইছলাম গ্ৰহণ কৰাৰ পিছত এতিয়া কেৱল মছজিদে হাৰাম আবাদ কৰাৰ বাদে বেলেগ যদি কোনো আমল নকৰোঁ তথাপিও মোৰ একো নহ'ব। আন এজনে ক'লেঃ তোমালোকে যি কৈ আছা, সেইবোৰতকৈ আল্লাহৰ পথত জিহাদ কৰাটোহে বেছি উত্তম। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মিম্বৰৰ ওচৰত এইদৰে তেওঁলোকৰ উচ্চস্বৰে কথা-বতৰা শুনি ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁলোকক ধমক প্ৰদান কৰিলে। এইটো আছিল জুমুআৰ দিনা প্ৰথম প্ৰহৰৰ ঘটনা। লগতে তেওঁ ক'লেঃ শুনা! জুমুআৰ পিছত মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ গৈ তোমালোকে বিতৰ্ক কৰা এই বিষয়টো সম্পৰ্কে আলোচনা কৰিম। ইয়াৰ পিছত মহান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ
"হাজীসকলক পানী পান কৰোৱা আৰু মছজিদুল হাৰামৰ তত্বাৱধান কৰা কাৰ্যক তোমালোকে সেই ব্যক্তিৰ দৰে ধাৰণা কৰা নেকি, যিয়ে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে? সিহঁত আল্লাহৰ ওচৰত কেতিয়াও সমান নহয়, আৰু আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।" (ছুৰা আত-তাওবা, আয়াতঃ ১৯)