عَنْ سَعْدٍ رَضِيَ اللَّهُ عَنْهُ قَالَ:
كُنْتُ أَرَى رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يُسَلِّمُ عَنْ يَمِينِهِ، وَعَنْ يَسَارِهِ، حَتَّى أَرَى بَيَاضَ خَدِّهِ.
[صحيح] - [رواه مسلم] - [صحيح مسلم: 582]
المزيــد ...
ছাআদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সোঁফালে আৰু বাওঁফালে ছালাম ফিৰোৱা দেখিছোঁ। (তেখেতে এনেকৈ মুখ ঘূৰাইছিল যে,) মই তেখেতৰ গালৰ শুভ্ৰতা দেখা পাইছিলোঁ।
[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 582]
হাদীছটোত ছাআদ ইবনে আবী অক্কাচ ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া নামাজৰ ছালাম ফিৰাইছিল, তেখেত ইমান পৰিমাণ সোঁফালে মুখ ঘূৰাইছিল যে, মই তেখেতৰ গালৰ শুভ্ৰতা দেখা পাইছিলোঁ, এইদৰে তেখেতে যেতিয়া বাওঁফালে মুখ ঘূৰাইছিল তেতিয়া মই তেখেতৰ গালৰ শুভ্ৰতা দেখিছিলোঁ।