عَنْ أَبِي سَعِيدٍ الخُدْرِيِّ رضي الله عنه قَالَ:
كَانَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَشَدَّ حَيَاءً مِنَ العَذْرَاءِ فِي خِدْرِهَا، فَإِذَا رَأَى شَيْئًا يَكْرَهُهُ عَرَفْنَاهُ فِي وَجْهِهِ.
[صحيح] - [متفق عليه] - [صحيح البخاري: 6102]
المزيــد ...
আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম পৰ্দাকাৰী অবিবাহিত কুমাৰী নাৰীতকৈও অধিক লাজুক আছিল। কিন্তু তেখেতে যেতিয়া কোনো বস্তুক অপছন্দ কৰিছিল তেতিয়া আমি তেখেতৰ চেহাৰাতেই সেইটো গম পাইছিলোঁ।
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 6102]
হাদীছটোত আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম অবিবাহিত কুমাৰী নাৰীতকৈও অধিক লজ্জাশীল আছিল। তেখেত ইমান লাজুক আছিল যে, তেখেতে কোনো বস্তু অপছন্দ কৰিলে সেয়া মুখেৰে প্ৰকাশ নকৰিলেও চাহাবাসকলে তেখেতৰ মুখমণ্ডল দেখিয়ে সেয়া অনুভৱ কৰিব পাৰিছিল।