عَنْ أَنَسٍ رضي الله عنه قَألَ:
كَانَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ إِذَا دَخَلَ الخَلاَءَ قَالَ: «اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنَ الخُبُثِ وَالخَبَائِثِ».

[صحيح] - [متفق عليه]
المزيــد ...

আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰস্ৰাৱ পায়খানা কৰিবলৈ যোৱাৰ সময়ত এই দুআ পাঠ কৰিছিলঃ (اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنَ الخُبُثِ وَالخَبَائِثِ) আল্লাহুম্মা ইন্নী আউজুবিকা মিনাল খুবছি অল-খাবাইছ। অৰ্থাৎ "হে আল্লাহ! মই দুষ্ট পুৰুষ জিন আৰু অনিষ্টকাৰী নাৰী জিনৰ পৰা তোমাৰ আশ্ৰয় বিচাৰিছোঁ।"

ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰস্ৰাৱ-পায়খানা কৰিবলৈ যেতিয়া শৌচালয়ত প্ৰৱেশ কৰিছিল, তেতিয়া তেখেতে পুৰুষ আৰু নাৰী জিনৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছিল। এই দুআটোত উল্লেখিত "الخبث" আৰু "الخبائث" ৰ ব্যাখ্যা অনিষ্টতা আৰু নাপাকী বুলিও কোৱা হৈছে।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম ছাৱাহিলী তামিল থাই পুস্তু السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. শৌচালয়ত প্ৰৱেশ কৰাৰ সময়ত এই দুআটো পাঠ কৰা মুস্তাহাব।
  2. ক্ষতিকৰ আৰু কষ্টদায়ক বস্তুৰ পৰা সুৰক্ষিত থাকিবলৈ সকলো সৃষ্টিয়ে আল্লাহৰ মুখাপেক্ষী।