+ -

عَنْ أَبِي قَتَادَةَ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«لَا يُمْسِكَنَّ أَحَدُكُمْ ذَكَرَهُ بِيَمِينِهِ وَهُوَ يَبُولُ، وَلَا يَتَمَسَّحْ مِنَ الْخَلَاءِ بِيَمِينِهِ، وَلَا يَتَنَفَّسْ فِي الْإِنَاءِ».

[صحيح] - [متفق عليه] - [صحيح مسلم: 267]
المزيــد ...

আবূ কাতাদা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"তোমালোকৰ মাজৰ কোনোবাই যেতিয়া প্ৰস্ৰাৱ কৰে, তেতিয়া তেওঁ যাতে সোঁহাতেৰে নিজৰ পুৰুষাংগ ধৰি নাথাকে। এইদৰে শৌচালয়ত যাতে সোঁহাতেৰে ময়লা পৰিষ্কাৰ নকৰে, আৰু পানী খোৱাৰ সময়ত যাতে পিয়লাৰ ভিতৰত উশাহ-নিশাহ নলয়।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 267]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেইটিমান শিষ্টাচাৰ উল্লেখ কৰিছেঃ ইয়াত তেখেতে প্ৰস্ৰাৱ কৰাৰ সময়ত সোঁহাতে পুৰুষাংগ ধৰি ৰাখিবলৈ নিষেধ কৰিছে। এইদৰে উভয় লজ্জাস্থানৰ ময়লা সোঁহাতেৰে পৰিষ্কাৰ কৰিবলৈ নিষেধ কৰিছে। কাৰণ সোঁ হাত সন্মানজনক কামৰ বাবে প্ৰস্তুত কৰা হৈছে। এইদৰে তেখেতে পানী খোৱা অৱস্থাত সেই পাত্ৰত উশাহ-নিশাহ ল'বলৈ নিষেধ কৰিছে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোত এই কথা স্পষ্ট হৈছে যে, ইছলামে শিষ্টাচাৰ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাক অগ্ৰাধিকাৰ দিয়ে।
  2. ময়লা-আৱৰ্জনাযুক্ত বস্তুক পৰিহাৰ কৰা উচিত। একান্ত বাধ্য অৱস্থাত বাওঁহাতেৰে সেয়া পৰিষ্কাৰ কৰা উচিত।
  3. বাওঁ হাতৰ ওপৰত সোঁহাতক মৰ্যাদা দিয়া হৈছে।
  4. ইছলামী চৰীয়ত পৰিপূৰ্ণ, আৰু ইয়াৰ ভিতৰত সকলো প্ৰকাৰ শিক্ষাক সামৰি লোৱা হৈছে।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী থাই পুস্তু ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ওৰোমো কান্নাড়া ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক
অধিক