عَنْ زَيْنَبَ بِنْتِ جَحْشٍ رَضِيَ اللَّهُ عَنْها أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ دَخَلَ عَلَيْهَا فَزِعًا يَقُولُ:
«لاَ إِلَهَ إِلَّا اللَّهُ، وَيْلٌ لِلْعَرَبِ مِنْ شَرٍّ قَدِ اقْتَرَبَ، فُتِحَ اليَوْمَ مِنْ رَدْمِ يَأْجُوجَ وَمَأْجُوجَ مِثْلُ هَذِهِ» وَحَلَّقَ بِإِصْبَعِهِ الإِبْهَامِ وَالَّتِي تَلِيهَا، قَالَتْ زَيْنَبُ بِنْتُ جَحْشٍ فَقُلْتُ يَا رَسُولَ اللَّهِ: أَنَهْلِكُ وَفِينَا الصَّالِحُونَ؟ قَالَ: «نَعَمْ إِذَا كَثُرَ الخَبَثُ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 3346]
المزيــد ...

জয়নব বিন্তে জাহাশ্ব ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আতংকিত অৱস্থাত তেওঁৰ ওচৰলৈ আহি ক'লেঃ
"আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। যিটো অনিষ্টৰ দ্বাৰা আৰববাসী ধ্বংস হ'ব সেইটো অতি সন্নিকট। আজি য়াজুজ আৰু মাজুজৰ প্ৰাচীৰত ইমানখিনি সুৰংগ হৈছে।" এই কথা কৈ তেখেতে বৃদ্ধাঙ্গুলি আৰু ইয়াৰ ওচৰতে থকা আঙুলিটোৰ দ্বাৰা গোলাকাৰ বনাই দেখুৱালে। জয়নব বিন্তে জাহাশ্বে কৈছে, মই ক'লোঁ হে আল্লাহৰ ৰাছুল! আমাৰ মাজত পুণ্যৱান লোকসকল থকা সত্ত্বেও আমি ধ্বংস হ'ম নেকি, তেখেতে ক'লেঃ "হয়। যেতিয়া অত্যাধিক পাপ বিয়পি পৰিব।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 3346]

ব্যাখ্যা

হাদীছটোত উল্লেখ হৈছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আতংকিত অৱস্থাত জয়নব বিন্তে জাহাশ্ব ৰাদ্বিয়াল্লাহু আনহাৰ ওচৰলৈ আহি ক'লেঃ (لا إله إلا الله) আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এইটো এনেকুৱা ভাৱ-ভঙ্গীৰে কৈছিল যেনিবা কিবা বেয়া সংকেত আহিছে। আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰাৰ বাহিৰে ইয়াৰ পৰা ৰক্ষা পোৱাৰ আন কোনো উপায় নাই। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ যিটো অনিষ্টৰ দ্বাৰা আৰববাসী ধ্বংস হ'ব, সেইটো অচিৰেই সংঘটিত হ'বলৈ গৈ আছে। আজি য়াজুজ আৰু মাজুজৰ প্ৰাচীৰৰ (যিটো প্ৰাচীৰ জুল কাৰনাইনে নিৰ্মাণ কৰিছিল) ইমানখিনি ছিদ্ৰ হৈছে, তেখেতে নিজৰ বৃদ্ধাঙ্গুলি আৰু তৰ্জনী আঙুলিৰে গোলাকাৰ বনাই দেখুৱালে। জয়নব ৰাদ্বিয়াল্লাহু আনহাই ক'লেঃ আল্লাহে কিয় আমাৰ ওপৰত ধ্বংস জাপি দিব, অথচ আমাৰ মাজত পুণ্যৱান মুমিনসকল আছে? তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক'লেঃ যেতিয়া অপৱিত্ৰতা, পাপ-পঙ্কিলতা, নিৰ্লজ্জতা, ব্যভিচাৰ, মাদক দ্ৰৱ্য আদি বিয়পি পৰিব তথা সহজলভ্য হ'ব, তেতিয়া সমূলি ধ্বংস হ'ব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. ভয়-ভীতিৰ সময়তো আতংকই মুমিনৰ অন্তৰক আল্লাহৰ জিকৰৰ পৰা বিৰত ৰাখিব নোৱাৰে। কাৰণ আল্লাহৰ স্মৰণে অন্তৰক প্ৰশান্তি দিয়ে।
  2. পাপাচাৰৰ পৰা আৰু পাপাচাৰত লিপ্ত হোৱাৰ পৰা বিৰত থাকিবলৈ উৎসাহিত কৰা হৈছে।
  3. পাপকৰ্মত বাধা প্ৰদান নকৰিলে, পাপকৰ্মৰ আধিক্যই আৰু ইয়াৰ প্ৰচাৰ-প্ৰসাৰে ৰাজহুৱা ধ্বংস মাতি আনে, যদিও পুণ্যৱান লোকৰ সংখ্যা অধিক থাকে।
  4. বিপদ-আপদে সকলোকে গ্ৰাস কৰে, পুণ্যৱান হওক বা পাপিষ্ঠ। কিন্তু সিহঁতৰ নিয়্যত অনুসাৰে সিহঁতক পুনৰুত্থিত কৰা হ'ব।
  5. হাদীছটোৰ এই অংশত (যিটো অনিষ্টৰ দ্বাৰা আৰববাসী ধ্বংস হ'ব সেইটো অতি সন্নিকট।) কেৱল আৰববাসীক নিৰ্দিষ্ট কৰাৰ কাৰণ হৈছে, সেই সময়ত ইছলাম গ্ৰহণ কৰা লোকৰ অধিকাংশই আছিল আৰবীয়ান।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (51)
অধিক