عن أبي هريرة رضي الله عنه مرفوعاً: «الفِطرة خَمْسٌ: الخِتَان، والاسْتِحدَاد، وقَصُّ الشَّارِب، وتَقلِيمُ الأَظفَارِ، ونَتْفُ الإِبِط».
[صحيح] - [متفق عليه]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফূ‘ হিচাপে বৰ্ণিত: "c2">“ফিতৰাত (অৰ্থাৎ মানুহৰ জন্মগত স্বভাৱ) হৈছে পাঁচটা: খাতনা কৰা; লজ্জাস্থানৰ নোম কাটি পৰিস্কাৰ কৰা; মোচ বা গোঁফ চুটি কৰা, নখ কটা আৰু কাষলতিৰ নোম উঘালি পেলোৱা।” ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু ‘আনহুৱে কৈছে, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কওঁতে শুনিছে: পাঁচটা স্বভাৱ হৈছে দ্বীন ইছলামৰ অন্তৰ্ভুক্ত, যিবোৰৰ ওপৰত আল্লাহে মানুহক সৃষ্টি কৰিছে। যি ব্যক্তিয়ে এই পাঁচটা চৰিত্র বাস্তৱায়ন কৰিব তেওঁ দৰাচলতে দ্বীনৰ মহান স্বভাৱসমূহ বাস্তৱায়ন কৰিলে। সেই পাঁচটা স্বভাৱৰ কথাই এই হাদীছত উল্লেখ কৰা হৈছে, আৰু এইবোৰ হৈছে পৰিস্কাৰ-পৰিচ্ছন্নতাৰ অন্যতম বিষয়, যিবোৰকলৈ ইছলাম আগমন কৰিছে। প্ৰথম: লিঙ্গৰ সন্মুখৰ অংশৰ ছাল কাটি পেলোৱা, যিটো অৱশিষ্ট থাকিলে নাপাকী আৰু ময়লা একত্রিত হোৱাৰ সম্ভাৱনা থাকে তথা ইয়াৰ ফলত তাত জীবাণু দেখা দিব পাৰে। দ্বিতীয়: লজ্জাস্থানৰ চাৰিও পাশে থকা চুলি কৰ্তন কৰা। সন্মুখৰ লজ্জাস্থানৰে হওক বা পিছফালৰ লজ্জাস্থানৰ। কাৰণ, এইবোৰ থাকিলে নাপাকীৰ সৈতে সংমিশ্রণ হোৱাৰ সম্ভাৱনা থাকে আৰু কেতিয়াবা কেতিয়াবা এইবোৰ শ্বৰঈ পৱিত্ৰতা অর্জনত বিঘিণি সৃষ্টি কৰে। তৃতীয়: গোঁফ চুটি কৰা, যিবোৰ দীঘল কৰিলে আকৃতিৰ পৰিবর্তন হয়, লগতে তেওঁ কিবা সেৱন কৰিলে বেলেগে সেইটো সেৱন কৰাত অপছন্দ কৰিব। ইয়াৰ উপৰিও এইটো হৈছে মাজুছীসকলৰ (মূৰ্ত্তিপুজকসকলৰ) সৈতে সাদৃস্য অৱলম্বন কৰা। চতুৰ্থ: নখ কটা। নখ নাকাটিলে তাত ময়লা একত্রিত হয় আৰু সেয়া খাদ্যৰ সৈতে মিহলি হৈ ৰোগ জীবাণু সৃষ্টি হয়। ইয়াৰ বাহিৰেও খালী ঠাই ময়লাৰে ভৰ্তি থকাৰ কাৰণে কেতিয়াবা পৰিপূর্ণ পৱিত্ৰতা অর্জনত বাধাগ্রস্থ হয়। পঞ্চম: কাষলতিৰ নোম উভালি পেলোৱা। যিবোৰ অবশিষ্ট থাকিলে দুৰ্গন্ধ সৃষ্টিৰ কাৰণ হয়।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আল্লাহে প্ৰদান কৰা জন্মগত স্বভাৱবোৰে যাৱতীয় কল্যাণৰ প্ৰতি আহ্বান কৰে আৰু অকল্যাণৰ পৰা দূৰত ৰাখে।
  2. স্বভাৱজাত ছুন্নাত হৈছে পাঁচটা। কিন্তু এইবোৰ কেৱল উক্ত পাঁচটা সংখ্যাতেই সীমাৱদ্ধ নহয়। কাৰণ সংখ্যাৰ প্ৰতিপাদ্য বিষয় কেতিয়াও দলিল নহয়। ছহীহ মুছলিমত আহিছে যে, স্বভাৱজাত ছুন্নত হৈছে দহটা।
  3. এই আমলবোৰৰ প্ৰতি যত্মৱান হোৱা আৰু এইবোৰৰ ক্ষেত্রত কোনো ধৰণৰ অলসতা নকৰা।
  4. এই পাঁচটা উত্তম স্বভাৱ হৈছে আল্লাহৰ ফিতৰাত, এইবোৰক তেওঁ ভাল পায় আৰু এইবোৰ পালন কৰিবলৈ আদেশ দিয়ে। তেওঁ সঠিক ৰুচিশীল ব্যক্তিসকলক ইয়াৰ ওপৰত সৃষ্টি কৰিছে আৰু ইয়াৰ বিপৰীত স্বভাৱৰ পৰা বিৰত ৰাখিছে।
  5. ইছলামে সৌন্দৰ্য, পৰিপূৰ্ণতা আৰু পৰিস্কাৰ পৰিচ্ছন্নতা লৈ আগমন কৰিছে।
  6. এই স্বভাৱবোৰত দ্বীনি আৰু দুনিয়াবী উভয় জগতৰ উপকাৰিতা আছে, যেনে: সুন্দৰ আকৃতি, শৰীৰ পৰিস্কাৰ-পৰিচ্ছন্ন কৰা, পৱিত্ৰতাৰ প্ৰতি সতর্কতা অৱলম্বন কৰা আৰু কাফিৰসকলৰ নিদর্শনৰ বিৰোধিতা কৰা লগতে আল্লাহৰ আদেশ বাস্তৱায়ন কৰা।
  7. সাম্প্ৰতিক সময় কিছুমান যুৱক-যুৱতীয়ে নখ দীঘল কৰে আৰু কিছুমান ল’ৰাই সিহঁতৰ গোঁফ দীঘল কৰাৰ যি প্ৰৱণতা আৰম্ভ কৰিছে সেয়া চৰীয়তৰ দৃষ্টিত নিষিদ্ধ, আৰু মানৱ স্বভাৱ তথা সঠিক ৰুচিৰ সম্পূর্ণ পৰিপন্থী। জানি থোৱা উচিত যে, ইছলামে একমাত্ৰ সুন্দৰ বস্তুৰহে নির্দেশ দিয়ে আৰু যাৱতীয় বেয়া কৰ্মৰ পৰা মানুহক নিষেধ কৰে। কিন্তু পশ্চিমাসকলৰ অন্ধ অনুকৰণে বাস্তৱতাক ওলোটাই দিছে, ফলত ৰুচি, বিৱেক আৰু চৰীয়তৰ দৃষ্টিত যিবোৰ বেয়া সেইবোৰক ভাল বুলি দেখুৱাইছে আৰু যিবোৰ ভাল সেইবোৰক বেয়া বুলি দেখুৱাইছে।