+ -

عَنْ حُذَيْفَةَ رضي الله عنه قَالَ:
كَانَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ إِذَا قَامَ مِنَ اللَّيْلِ يَشُوصُ فَاهُ بِالسِّوَاكِ.

[صحيح] - [متفق عليه] - [صحيح البخاري: 245]
المزيــد ...

হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ৰাতিত (তাহাজ্জুদৰ বাবে) উঠিছিল, তেতিয়া তেখেতে মিছৱাকেৰে মুখ চাফ কৰিছিল।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 245]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেছিভাগ সময়তে মিছৱাক কৰিছিল আৰু ইয়াৰ নিৰ্দেশ দিছিল। লগতে কিছুমান সময়ত নিশ্চিতভাৱে মিছৱাক কৰিছিল, যেনে- ৰাতিত যেতিয়া (তাহাজ্জুদৰ বাবে) উঠিছিল, তেতিয়া তেখেতে মিছৱাকেৰে ঘঁহি ঘঁহি দাঁত চাফা কৰিছিল।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ৰাতিৰ টোপনিৰ পিছত মিছৱাক কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হৈছে। কাৰণ টোপনিৰ পিছত মুখৰ ঘ্ৰাণ পৰিৱৰ্তন হয় আৰু মিছৱাক হৈছে দাঁত পৰিষ্কাৰ কৰাৰ আহিলা।
  2. উক্ত অৰ্থৰ দ্বাৰা এইটোও বুজা যায় যে, মুখৰ প্ৰতিটো দুৰ্গোন্ধৰ পৰা ৰক্ষা পোৱাৰ বাবে মিছৱাক কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হৈছে।
  3. সাধাৰণতে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈছে চৰীয়তৰ নিৰ্দেশ, লগতে এইটো হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নত। লগতে এইটো হৈছে সুউচ্চ শিষ্টাচাৰ।
  4. মুখত মিছৱাক কৰাৰ অৰ্থ হৈছে, দাঁত, দাঁতৰ আলুকে আদি কৰি জিভা পৰিষ্কাৰ কৰাটোও ইয়াৰে অন্তৰ্ভুক্ত।
  5. মিছৱাক কোৱা হয় ঠাৰিৰ নিচিনা এক প্ৰকাৰ শিপা, যিটো আৰাক গছৰ শিপা কাটি বনোৱা হয়। দাঁত আৰু মুখ চাফ কৰিবলৈ এইটো ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত মুখৰ দুৰ্গোন্ধ দূৰ হয় আৰু মুখ পৰিষ্কাৰ হয়।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী থাই জাৰ্মান পুস্তু ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ওৰোমো কান্নাড়া الولوف আজেৰি ইউক্ৰেইনীয়ান الجورجية المقدونية الخميرية الماراثية
অনুবাদ চাওক
অধিক