عَنْ أَنَسِ بْنِ مَالِكٍ رَضيَ اللهُ عنهُ قَالَ:
وُقِّتَ لَنَا فِي قَصِّ الشَّارِبِ، وَتَقْلِيمِ الْأَظْفَارِ، وَنَتْفِ الْإِبِطِ، وَحَلْقِ الْعَانَةِ، أَلَّا نَتْرُكَ أَكْثَرَ مِنْ أَرْبَعِينَ لَيْلَةً.
[صحيح] - [رواه مسلم] - [صحيح مسلم: 258]
المزيــد ...
আনাছ ইবনু মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
"মোচ চুটি কৰিবলৈ, নখ কাটিবলৈ, কাষলতিৰ নোম উঘালি পেলাবলৈ, নাভিৰ তলৰ নোম খুৰাবলৈ আমাৰ বাবে সময় নিৰ্ধাৰণ কৰি দিয়া হৈছিল যে, আমি যাতে চল্লিশ দিনতকৈ অধিক সময় অতিক্ৰম নকৰোঁ।"
[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 258]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পুৰুষৰ মোচ চুটি কৰিবলৈ, হাত ভৰিৰ নখ কাটিবলৈ, কাষলতিৰ নোম উঘালি পেলাবলৈ আৰু নাভিৰ তলৰ নোম খুৰাবলৈ সময় নিৰ্ধাৰণ কৰি দিছে যে, এইবোৰ যাতে চল্লিশ দিনতকৈ অধিক সময় অৱশিষ্ট ৰখা নহয়।