+ -

عَنْ جَابِرِ بْنِ عَبْدِ اللَّهِ رَضيَ اللهُ عنهُما قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«مَا أَسْكَرَ كَثِيرُهُ فَقَلِيلُهُ حَرَامٌ».

[حسن] - [رواه أبو داود والترمذي وابن ماجه وأحمد] - [سنن أبي داود: 3681]
المزيــد ...

জাবিৰ বিন আব্দুল্লাহ ৰাদ্বিয়াল্লাহু আনহুমাৰ বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যি বস্তুৰ বেছি খালে নিচা হয়, সেইটোৰ কম পৰিমাণো হাৰাম।"

[হাছান] - [(আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)] - [ছুনান আবি দাঊদ - 3681]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিকোনো খাদ্য বস্তু অথবা পানীয় বস্তু, যিটো বেছি পৰিমাণে খালে নিচা হয়, মানুহ মাতাল হৈ পৰে, তেনেকুৱা বস্তু কম পৰিমাণে খোৱাটোও হাৰাম, যদিও কম পৰিমাণে খালে নিচা নহয়।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. চৰীয়তে মানুহৰ বিবেকক সুৰক্ষা প্ৰদান কৰিছে।
  2. বেয়া কৰ্ম আৰু অনুচিত বিষয়ৰ সকলো দুৱাৰ পৰিপূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে।
  3. নিচা জাতীয় বস্তুৰ কম পৰিমাণ ব্যৱহাৰ কৰাও হাৰাম, যিহেতু এইটো নিচা হোৱাৰ মাধ্যম।
  4. যিটো বস্তু বেছি খালেও নিচা নহয় আৰু কম খালেও নহয়, তেনেকুৱা বস্তু হাৰাম নহয়।
অনুবাদ: ইংৰাজী ইন্দোনেচিয়ান ছিনহালী ভিয়েতনামীজ হাওছা শ্বাহিলী ডাচ গুজৰাটী ৰোমানিয়ান হাংগেৰী الجورجية
অনুবাদ চাওক