عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللَّهُ عَنْهُ عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«قَالَ اللَّهُ تَعَالَى: ثَلاَثَةٌ أَنَا خَصْمُهُمْ يَوْمَ القِيَامَةِ: رَجُلٌ أَعْطَى بِي ثُمَّ غَدَرَ، وَرَجُلٌ بَاعَ حُرًّا فَأَكَلَ ثَمَنَهُ، وَرَجُلٌ اسْتَأْجَرَ أَجِيرًا فَاسْتَوْفَى مِنْهُ وَلَمْ يُعْطِهِ أَجْرَهُ».
[صحيح] - [رواه البخاري] - [صحيح البخاري: 2270]
المزيــد ...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মহান আল্লাহে কৈছেঃ কিয়ামতৰ দিনা মই তিনি প্ৰকাৰ ব্যক্তিৰ বিৰোধী হিচাপে থিয় দিম। এনেকুৱা ব্যক্তি যিয়ে মোৰ নামত শপত কৰি, সেয়া ভংগ কৰিছে। আন এজন হৈছে যিয়ে স্বাধীন ব্যক্তিক বিক্ৰী কৰি তাৰ মূল্য ভক্ষণ কৰে। আন এজন হৈছে, যিয়ে কাৰোবাক শ্ৰমিক হিচাপে কামত লগায় আৰু তাৰ দ্বাৰা পূৰ্ণাংগ কাম লয় অথচ তাৰ পাৰিশ্ৰমিক নিদিয়ে।"
[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 2270]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মহান আল্লাহে কৈছেঃ কিয়ামতৰ দিনা মই তিনি প্ৰকাৰ লোকৰ বিৰুদ্ধে অৱস্থান কৰিম। যাৰ বিৰুদ্ধে মই অৱস্থান কৰিম, তাক মই নিশ্চিতভাৱে পৰাস্ত কৰিম। প্ৰথমঃ যিয়ে আল্লাহৰ নামত শপত খাই সেই শপত ভংগ কৰে, আৰু বিশ্বাসঘাতকতা কৰি অঙ্গীকাৰ বিনষ্ট কৰে। দ্বিতীয়ঃ যিয়ে এজন স্বাধীন ব্যক্তিক দাস হিচাপে বিক্ৰী কৰে, আৰু সেই মূল্য ভক্ষণ কৰে আৰু ব্যয় কৰে। তৃতীয়ঃ যিয়ে কোনো ব্যক্তিক শ্ৰমিক নিযুক্ত কৰে আৰু তাৰ পৰা পৰিপূৰ্ণ কাম কৰাই লয়, কিন্তু তাক পাৰিশ্ৰমিক আদায় নিদিয়ে।