+ -

عَنْ عَبْدِ اللَّهِ بن مسعودٍ رضي الله عنه قَالَ: سَمِعْتُ رَسُولَ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ يَقُولُ:
«إِنَّ مِنْ شِرَارِ النَّاسِ مَنْ تُدْرِكُهُ السَّاعَةُ وَهُمْ أَحْيَاءٌ، وَمَنْ يَتَّخِذُ الْقُبُورَ مَسَاجِدَ».

[حسن] - [رواه أحمد] - [مسند أحمد: 3844]
المزيــد ...

আব্দুল্লাহ ইবনে মাছ‘ঊদ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছে:
“নিশ্চয় সৱাতোকৈ নিকৃষ্ট লোক হৈছে সেইসকল, যিসকলৰ জীৱনকালত কিয়ামত সংঘটিত হ’ব আৰু যিসকলে কবৰসমূহক ছাজদাৰ ঠাই বনাই লৈছে।”

[হাছান] - [(আহমদ)] - [মুছনাদ আহমদ - 3844]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সৱাতোকৈ নিকৃষ্ট লোকসকলৰ বিষয়ে সংবাদ দিছে। তেখেতে কৈছে, যিসকল লোক জীৱিত থকাৰ সময়ত কিয়ামত সংঘটিত হ'ব সিহঁত হৈছে আটাইতকৈ নিকৃষ্ট লোক, লগতে সেইসকল লোক যিসকলে কবৰৰ ওপৰত মছজিদ নিৰ্মাণ কৰে বা কবৰৰ ওচৰত তথা কবৰৰ ফালে মুখ কৰি নামাজ পঢ়ে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. কবৰৰ ওপৰত মছজিদ নিৰ্মাণ কৰা হাৰাম, কিয়নো এইটো হৈছে শ্বিৰ্কত লিপ্ত হোৱাৰ এটা উপায়।
  2. কবৰৰ ওচৰত নামাজ পঢ়াই হাৰাম, যদিও তাত মছজিদ থাকক বা নাথাকক। কিয়নো মছজিদৰ অৰ্থ হৈছে ছাজদাহ কৰাৰ ঠাই, গতিকে য'ত ছাজদাহ কৰা হয় তাত নিৰ্মাণ কাৰ্য নাথাকিলেও সেইটো মছজিদ হিচাপেই গণ্য হ'ব।
  3. যিসকলে সৎকৰ্মশীল লোকৰ কবৰসমূহক মছজিদলৈ ৰূপান্তৰিত কৰি তাত চালাত আদায় কৰে, সিহঁতেই হৈছে আটাইতকৈ নিকৃষ্ট সৃষ্টি। যদিও সিহঁতে ইয়াৰ দ্বাৰা আল্লাহৰ নৈকট্য লাভ কৰাৰ দাবীয়ে নকৰক কিয়।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ওৰোমো কান্নাড়া الولوف আজেৰি ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক
অধিক