+ -

عَنْ عَبْدِ اللَّهِ بْنِ عَمْرٍو رضي الله عنهما قَالَ: قالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«حَوْضِي مَسِيرَةُ شَهْرٍ، مَاؤُهُ أَبْيَضُ مِنَ اللَّبَنِ، وَرِيحُهُ أَطْيَبُ مِنَ المِسْكِ، وَكِيزَانُهُ كَنُجُومِ السَّمَاءِ، مَنْ شَرِبَ مِنْهَا فَلاَ يَظْمَأُ أَبَدًا».

[صحيح] - [متفق عليه] - [صحيح البخاري: 6579]
المزيــد ...

আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
মোৰ হাউজৰ দৈৰ্ঘ্য এমাহ সময় অতিক্ৰমৰ সমান। ইয়াৰ পানী গাখীৰতকৈও বগা, আৰু ইয়াৰ সুগন্ধি মুশ্বকতকৈও উত্তম, লগতে ইয়াত থকা পান পাত্ৰবোৰ হ'ব আকাশৰ তৰাৰ নিচিনা। যিয়ে ইয়াৰ পৰা এবাৰ সেৱন কৰিব তেওঁ দ্বিতীয়বাৰ কেতিয়াও তৃষ্ণাৰ্ত নহ'ব।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 6579]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, কিয়ামতৰ দিনা তেখেতক হাউজ প্ৰদান কৰা হ'ব। যাৰ দৈৰ্ঘ্য আৰু প্ৰশস্ত হ'ব এমাহ পথ অতিক্ৰম কৰাৰ সমান। সেই হাউজৰ পানী গাখীৰতকৈও বগা হ'ব। আৰু সেই পানীৰ সুগন্ধি মিচকতকৈও উত্তম হ'ব। আৰু তাত আকাশৰ তৰা সদৃশ পান পাত্ৰ থাকিব। সেইবোৰ পানপাত্ৰৰ জৰিয়তে যিয়ে সেই হাউজৰ পৰা এবাৰ পানী খাব, তেওঁ কেতিয়াও তৃষ্ণাৰ্ত নহ'ব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাউজত বৃহৎ আকাৰত পানী ভৰ্তি থাকিব, কিয়ামতৰ দিনা তেখেতৰ উম্মতৰ মুমিনসকল তাতগৈ উপস্থিত হ'ব।
  2. যিয়ে সেই হাউজৰ পৰা পানী খোৱাৰ সৌভাগ্য লাভ কৰিব, সেই ব্যক্তিয়ে এনেকুৱা নিয়ামত লাভ কৰিব যে, তেওঁ কেতিয়াও তৃষ্ণাৰ্ত নহ'ব।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ফুলানী ইটালিয়ান ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি اليونانية উজবেক ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক
শ্ৰেণীবিন্যাসসমূহ
অধিক