عَنْ أَبِي هُرَيْرَةَ رضي الله عنه قَالَ: سَمِعْتُ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ:
«يَقْبِضُ اللَّهُ الأَرْضَ، وَيَطْوِي السَّمَوَاتِ بِيَمِينِهِ، ثُمَّ يَقُولُ: أَنَا المَلِكُ، أَيْنَ مُلُوكُ الأَرْضِ».

[صحيح] - [متفق عليه]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ
"আল্লাহে পৃথিৱীক নিজৰ মুঠিৰ ভিতৰত লব আৰু আকাশমণ্ডলক নিজৰ সোঁ হাতত মেৰিয়াই লৈ ক'বঃ ময়েই ৰাজাধিৰাজ। পৃথিৱীৰ শাসকসকল ক'ত?"

ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, ক্বিয়ামতৰ দিনা আল্লাহে পৃথিৱীক নিজৰ মুঠিত আৱদ্ধ কৰি লব, আৰু আকাশমণ্ডলক নিজৰ সোঁ হাতত এটাৰ ওপৰত এটাক ৰাখি মেৰিয়াই লব, আৰু সেইবোৰক ধ্বংস কৰি দিব। তাৰ পিছত তেওঁ ক'বঃ ময়েই ৰাজাধিৰাজ, পৃথিৱীৰ বাদশ্বাহসকল আজি ক'ত?

অনুবাদ: ইংৰাজী ফৰাচী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান চাইনিজ ফাৰ্চি হিন্দী ছিনহালী উইঘোৰ কুৰ্দী হাউছা মালয়ালম ছাৱাহিলী তামিল বৰ্মী থাই পুস্তু السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ইয়াৰ দ্বাৰা এই কথা স্মৰণ কৰোৱা হৈছে যে, আল্লাহৰ ৰাজত্ব চিৰস্থায়ী। পক্ষান্তৰে সকলোৰে ৰাজত্ব ক্ষণস্থায়ী।
  2. লগতে এই কথা বুজোৱা হৈছে যে, আল্লাহ মহা প্ৰতাপশালী, সৰ্বশক্তিমান, অধিকাৰ আৰু ক্ষমতাৰ ক্ষেত্ৰত তেওঁ স্বয়ংসম্পূৰ্ণ তথা পূৰ্ণাংগ ৰাজত্বৰ অধিকাৰী।
অধিক