عَنْ أَبِي هُرَيْرَةَ رضي الله عنه أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«إِذَا تَوَضَّأَ أَحَدُكُمْ فَلْيَجْعَلْ فِي أَنْفِهِ ثُمَّ لِيَنْثُرْ، وَمَنِ اسْتَجْمَرَ فَلْيُوتِرْ، وَإِذَا اسْتَيْقَظَ أَحَدُكُمْ مِنْ نَوْمِهِ فَلْيَغْسِلْ يَدَهُ قَبْلَ أَنْ يُدْخِلَهَا فِي وَضُوئِهِ، فَإِنَّ أَحَدَكُمْ لاَ يَدْرِي أَيْنَ بَاتَتْ يَدُهُ».
ولفظ مسلم: «إِذَا اسْتَيْقَظَ أَحَدُكُمْ مِنْ نَوْمِهِ فَلَا يَغْمِسْ يَدَهُ فِي الْإِنَاءِ حَتَّى يَغْسِلَهَا ثَلَاثًا، فَإِنَّهُ لَا يَدْرِي أَيْنَ بَاتَتْ يَدُهُ».
[صحيح] - [متفق عليه] - [صحيح البخاري: 162]
المزيــد ...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকৰ মাজৰ কোনোবাই যেতিয়া অজু কৰিবা তেতিয়া সি যেন নাকত পানী দি নাক চাফা কৰি লয়। এইদৰে যিয়ে ইস্তিনজাৰ বাবে ঢিলা কলুষ ব্যৱহাৰ কৰিব সি যেন বিযোৰ সংখ্যক ঢিলা কলুষ ব্যৱহাৰ কৰে। যেতিয়া তোমালোকৰ মাজৰ কোনোবাই টোপনিৰ পৰা উঠে, সি যেন হাত নোধোৱাকৈ অজুৰ পানীত হাত সোমাই নিদিয়ে। কাৰণ সি নাজানে ৰাতিত তাৰ হাতে কোন কোন ঠাইক স্পৰ্শ কৰিছে।" ছহীহ মুছলিমত আছে যে, "যেতিয়া তোমালোকে টোপনিৰ পৰা উঠিবা, তেতিয়া তোমালোকে নিজৰ হাত তিনিবাৰ ভালকৈ ধোৱাৰ পিছতহে কোনো পাত্ৰত হাত দিবা। কাৰণ সি নাজানে ৰাতিত তাৰ হাতে কোন কোন ঠাইক স্পৰ্শ কৰিছে।"
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 162]
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেইটামান বিধান বৰ্ণনা কৰিছে, যেনে- প্ৰথমঃ অজু কৰোঁতে উশাহত নাকৰ ভিতৰ ভাগলৈ পানী টানি লব লাগে আৰু নিশাহত সজোৰে সেই পানী উলিয়াই দিব লাগে। দ্বিতীয়ঃ পানী নথকা অৱস্থাত প্ৰস্ৰাৱ পায়খানা কৰাৰ পিছত কলুখ কৰিবলৈ বিযোৰ সংখ্যক নূন্যতম তিনিটা ঢিলা কলুষ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনা দিছে। তিনিটাতকৈ অধিকৰ কোনো সীমা নাই, যেতিয়ালৈকে সেই স্থান পৰিস্কাৰ নহয়। তৃতীয়ঃ টোপনিৰ পৰা উঠি হাত নোধোৱাকৈ পানীৰ পাত্ৰত হাত সোমাই দি অজু কৰিবলৈ নিষেধ কৰিছে, বৰং আগতে ভালকৈ তিনিবাৰ হাত ধুই লব দিছে। কাৰণ সি নাজানে ৰাতিত তাৰ হাত ক'ত ক'ত গৈছিল। হয়তো অপৱিত্ৰতা স্পৰ্শ কৰিছে। নাইবা চয়তানে তাৰ লগত চয়তানী কৰি কিবা ক্ষতিকাৰক বস্তু লগাই দিছে যিটো মানুহৰ বাবে ক্ষতিকাৰক, অথবা পানী দোষিত কৰিব।