عَنْ أَبِي هُرَيْرَةَ رضي الله عنه عَنِ النَّبِيِّ صلى الله عليه وسلم قَالَ:
«لَا يَقْبَلُ اللهُ صَلَاةَ أَحَدِكُمْ إِذَا أَحْدَثَ حَتَّى يَتَوَضَّأَ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 6954]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যদি বায়ু ওলায়, অজু নকৰালৈকে আল্লাহে তোমালোকৰ কাৰো চালাত কবূল নকৰে।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 6954]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, নামাজৰ শুদ্ধতাৰ বাবে চৰ্ত হৈছে তাহাৰাত বা পৱিত্ৰতা। গতিকে নামাজ পঢ়িব বিচৰা ব্যক্তিৰ বাবে অনিবাৰ্য হৈছে অজু কৰি লোৱা, যদিহে তাৰ অজু ভংগ হৈছে। উদাহৰণস্বৰূপে, শৌচ-প্ৰস্ৰাৱ কৰাৰ পিছত অজু কৰা অথবা টোপনিৰ পৰা উঠি অজু কৰা আদি।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. পৱিত্ৰতা অৰ্জন নকৰাকৈ নামাজ গ্ৰহণযোগ্য নহয়। হাদাছে আকবাৰৰ পৰা পৱিত্ৰতা অৰ্জন কৰিবলৈ গোছল কৰিব লাগে আৰু হাদাছে আচগাৰৰ পৰা পৱিত্ৰতা অৰ্জন কৰিবলৈ অজু কৰিব লাগে।
  2. অজুৰ পদ্ধতি হৈছে, দুয়োখন হাত ভালকৈ ধুই এচলু পানী লৈ মুখত দিয়া আৰু সেই পানী মুখৰ ভিতৰত ভালকৈ ঘূৰাই কুলি কৰিব লাগে। এচলু পানীৰে নাক চাফ কৰিব লাগে অৰ্থাৎ নাকৰ ভিতৰত পানী টানি লৈ সেই পানী উলিয়াই দিব লাগে। ইয়াৰ পিছত তিনিবাৰ মুখমণ্ডল ধুব লাগে, তাৰ পিছত কিলাকুটিলৈকে তিনিবাৰ হাত ধুব লাগে। তাৰ পিছত সম্পূৰ্ণ মূৰ এবাৰ মছেহ কৰিব লাগে। অৱশেষত দুয়ো ভৰি সৰুগাঁঠিলৈকে তিনিবাৰ ধুব লাগে।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (57)