عن أبي هريرة رضي الله عنه قَالَ: قَالَ رَسُولُ اللَّهِ صلى الله عليه وسلم : "لاَ يَقْبَل الله صلاَة أَحَدِكُم إِذا أَحْدَث حَتَّى يَتوضَّأ".
[صحيح] - [متفق عليه]
المزيــد ...

আবু হুৰাইৰাহ ৰাদিয়াল্লাহ ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "c2">“বায়ু ওলাই গ’লে, অজু নকৰালৈকে আল্লাহে তোমালোকৰ কাৰো চালাত কবূল নকৰে।” ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

প্ৰজ্ঞাময় চৰীয়ত প্ৰণেতাই নির্দেশা দিছে যে, যি ব্যক্তিয়ে চালাত আদায়ৰ ইচ্ছা কৰে তেওঁ যেন সুন্দৰ আৰু মনোৰম অৱস্থা নোহোৱাকৈ চালাতত প্ৰৱেশ নকৰে। কাৰণ, চালাত হৈছে ৰব্ব আৰু তাৰ বান্দাৰ মাজত এটা মজবুত বন্ধন। তথা এইটো হৈছে আল্লাহৰ সৈতে কথোপকথনৰ এটা পদ্ধতি। এই কাৰণেই তেওঁ চালাতৰ বাবে অজু কৰাৰ আৰু পৱিত্ৰতা অৱলম্বন কৰাৰ নির্দেশ দিছে। লগতে তেওঁ জনাই দিছে যে, পৱিত্ৰতা নোহোৱাকৈ চালাত হৈছে প্ৰত্যাখ্যাত তথা অগ্ৰহণযোগ্য।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. চালাতৰ অৱস্থান কিমান যে মহান। আল্লাহ তা‘আলাই ইয়াক পৱিত্ৰতা অবিহনে কবুল নকৰে।
  2. অপৱিত্ৰ ব্যক্তিৰ চালাত কবুল কৰা নহয়। যেতিয়ালৈকে ডাঙৰ অথবা সৰু নাপাকৰ পৰা পৱিত্ৰ নহ’ব।
  3. বায়ু নিষ্কাশন হ’লে অজু ভঙ্গ হয়, আৰু যদি চালাতত হয় তেন্তে চালাত বাতিল হৈ যায়।
  4. ইয়াত কবুল নোহোৱাৰ দ্বাৰা চালাত শুদ্ধ নহয় আৰু যথেষ্ট নহয় আদি বুজোৱা হৈছে।
  5. হাদীছৰ পৰা বুজা যায় যে, কিছুমান চালাত গ্ৰহণযোগ্য আৰু কিছুমান চালাত প্ৰত্যাখ্যাত। যিটো চালাত চৰীয়ত অনুযায়ী হ’ব সেইটো গ্রহণযোগ্য। আৰু যিটো চালাত চৰীয়ত অনুযায়ী নহ’ব সেইটো প্ৰত্যাখ্যাত। এইদৰে সকলো ইবাদতৰ ক্ষেত্ৰতে প্ৰযোজ্য। কাৰণ, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিয়ে এনেকুৱা কোনো আমল কৰিব যিটো আমাৰ নির্দেশনা অনুযায়ী নহয় সেইটো প্ৰত্যাখ্যাত।
  6. বায়ু নিষ্কাশন কৰা ব্যক্তিৰ ওপৰত অজু নকৰালৈকে চালাত আদায় কৰা হাৰাম। কাৰণ, আল্লাহে সেই চালাত কবুল নকৰিব। এতেকে আল্লাহে যিটো কবুল নকৰে তেনেকুৱা বিষয়ৰ দ্বাৰা আল্লাহৰ নৈকট্য লাভ কৰাৰ আশা কৰাটো হৈছে তেওঁৰ সৈতে বিদ্রোহ কৰাৰ দৰে তথা এইটো এক প্ৰকাৰ বিদ্রূপ।
  7. যদি কোনো ব্যক্তিয়ে চালাতৰ বাবে অজু কৰে আৰু সেই অজু বাকী থকা অৱস্থাতেই যদি অন্য চালাতৰ সময় হৈ যায়, তেতিয়াহ'লে তেওঁৰ বাবে পুনৰ অজু কৰাৰ প্ৰয়োজন নহ’ব।
  8. ফৰজ চালাতেই হওক অথবা নফল চালাত, আনকি যদি জানাযাৰ চালাতো হয় কোনো অজু নকৰা ব্যক্তিয়ে যদি সেই চালাত আদায় কৰে তেন্তে সেইটো গ্ৰহণযোগ্য নহ’ব। ভুলতে আদায় কৰিলেও নহ’ব। অনুৰূপভাৱে গোছল ফৰজ হোৱা ব্যক্তিয়ে যদি গোছল কৰাৰ আগত চালাত আদায় কৰে, সেই ব্যক্তিৰ চালাতো গ্রহণযোগ্য নহ’ব। ভুলবশতঃ চালাত আদায় কৰা ব্যক্তিয়ে পুনৰ চালাত আদায় কৰিব লাগিব।