عَنْ سُلَيْمَانَ بْنِ صُرَدٍ رضي الله عنه قَالَ:
كُنْتُ جَالِسًا مَعَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ وَرَجُلاَنِ يَسْتَبَّانِ، فَأَحَدُهُمَا احْمَرَّ وَجْهُهُ، وَانْتَفَخَتْ أَوْدَاجُهُ، فَقَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «إِنِّي لَأَعْلَمُ كَلِمَةً لَوْ قَالَهَا ذَهَبَ عَنْهُ مَا يَجِدُ، لَوْ قَالَ: أَعُوذُ بِاللَّهِ مِنَ الشَّيْطَانِ، ذَهَبَ عَنْهُ مَا يَجِدُ» فَقَالُوا لَهُ: إِنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ: «تَعَوَّذْ بِاللَّهِ مِنَ الشَّيْطَانِ»، فَقَالَ: وَهَلْ بِي جُنُونٌ؟
[صحيح] - [متفق عليه] - [صحيح البخاري: 3282]
المزيــد ...
ছুলাইমান বিন চুৰাদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে বহি আছিলোঁ, ওচৰতে দুজন ব্যক্তিয়ে ইজনে সিজনক গালি পাৰি আছিল। তাৰে এজনৰ খঙত মুখমণ্ডল ৰঙা পৰিছিল আৰু শিৰাবোৰ ফুলি উঠিছিল। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "মই এনেকুৱা এটা বাক্য জানো, যদি এই মানুহজনে সেইটো পাঠ কৰে তেন্তে তাৰ খং দূৰ হ'ব। যদি এওঁ আউজু বিল্লাহি মিনাশ্ব শ্বাইত্বান, পঢ়ে তেন্তে তাৰ খং দূৰ হৈ যাব।" তেতিয়া লোকসকলে তাক ক'লেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তুমি চয়তানৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা।" তেতিয়া সি ক'লেঃ মই উন্মাদ নেকি?
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 3282]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখতে দুজন ব্যক্তিয়ে ইজনে সিজনক গালি পাৰি আছিল। তাৰে এজনৰ ক্ৰোধত মুখখন ৰঙা পৰি গৈছিল। লগতে ডিঙিৰ সিৰাবোৰ ফুলি উঠিছিল।
তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ মই এনেকুৱা এটা বাক্য জানো, সেই বাক্যটো যদি এই খঙাল ব্যক্তিজনে পাঠ কৰে তেন্তে তাৰ খং দূৰ হ'ব। সেইটো হৈছেঃ আউজু বিল্লাহি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম।
তেতিয়া লোকসকলে তাক ক'লে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তোমাক বিতাৰিত চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবলৈ উপদেশ দিছে। (অৰ্থাৎ আউজু বিল্লাহি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম। পাঠ কৰাৰ উপদেশ দিছে।)
তেতিয়া সি ক'লেঃ মই উন্মাদ নেকি? সি ধাৰণা কৰিছিল যে, কেৱল বলিয়া বা উন্মাদ ব্যক্তিয়েহে চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰে।