+ -

عن عبد الله بن عمرو رضي الله عنهما أن رسول الله صلى الله عليه وسلم قال:
«الدُّنْيَا مَتَاعٌ، وَخَيْرُ مَتَاعِ الدُّنْيَا الْمَرْأَةُ الصَّالِحَةُ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 1467]
المزيــد ...

আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
পৃথিৱী হৈছে উপভোগৰ উপকৰণ (ভোগ সামগ্ৰী), আৰু পৃথিৱীৰ আটাইতকৈ উত্তম উপভোগ্য উপকৰণটো হৈছে পূণ্যৱতী নাৰী।

صحيح - رواه مسلم

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, পৃথিৱীত থকা প্ৰতিটো বস্তুৱে হৈছে উপভোগ কৰিব পৰা সামগ্ৰী, আৰু এই সকলোবোৰ হৈছে ক্ষন্তেকীয়া উপভোগ্য সামগ্ৰী। ইয়াৰ মাজত সৰ্বোত্তম উপকৃত হ'ব পৰা সামগ্ৰীটো হৈছে পূণ্যৱতী স্ত্ৰী, যি স্ত্ৰীৰ প্ৰতি স্বামীয়ে দৃষ্টিপাত কৰিলে আনন্দিত হয় আৰু যদি স্বামীয়ে কোনো আদেশ দিয়ে লগে লগে পালন কৰে, লগতে স্বামীৰ অনুপস্থিতিত নিজকে আৰু স্বামীৰ সম্পদক সুৰক্ষিত ৰাখে।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিচ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইয়োৰুবা লিথুৱেনিয়ান দাৰী ছোমালি কিনিয়াৰৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক মালাগাছি
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আল্লাহে বান্দাৰ বাবে হালাল কৰা পৃথিৱীৰ প্ৰতিটো পৱিত্ৰ বস্তুকে অপচয় আৰু অহংকাৰ নকৰাকৈ উপভোগ কৰা বৈধ।
  2. পূণ্যৱতী স্ত্রী গ্রহণ কৰিবলৈ উৎসাহ প্রদান কৰা হৈছে। কিয়নো তেনেকুৱা স্ত্ৰীয়ে স্বামীক আল্লাহৰ ইবাদত কৰাত সহযোগিতা কৰে।
  3. পৃথিৱীত উপভোগ কৰিবলগীয়া উত্তম সম্পদ হৈছে যিটোৰ দ্বাৰা আল্লাহৰ আনুগত্য কৰা হয় অথবা যিটোৱে আল্লাহৰ আনুগত্যত সহায় কৰে।