عَنِ ابْنِ عَبَّاسٍ رضيَ اللهُ عنهما:
أنَّهُ قَالَ لعَطَاءِ بْنِ أَبِي رَبَاحٍ: أَلَا أُرِيكَ امْرَأَةً مِنْ أَهْلِ الْجَنَّةِ؟ قُلْتُ: بَلَى، قَالَ: هَذِهِ الْمَرْأَةُ السَّوْدَاءُ، أَتَتِ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، قَالَتْ: إِنِّي أُصْرَعُ وَإِنِّي أَتَكَشَّفُ، فَادْعُ اللهَ لِي، قَالَ: «إِنْ شِئْتِ صَبَرْتِ وَلَكِ الْجَنَّةُ، وَإِنْ شِئْتِ دَعَوْتُ اللهَ أَنْ يُعَافِيَكِ» قَالَتْ: أَصْبِرُ، قَالَتْ: فَإِنِّي أَتَكَشَّفُ فَادْعُ اللهَ أَنْ لَا أَتَكَشَّفَ، فَدَعَا لَهَا.
[صحيح] - [متفق عليه] - [صحيح مسلم: 2576]
المزيــد ...
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে,
তেওঁ আতা ইবনু ৰাবাহক কৈছিল যে, মই তোমাক এজন জান্নাতী নাৰী দেখুৱামনে? মই ক'লোঁ, হয়, নিশ্চয় দেখুৱাওক। তেওঁ ক'লেঃ দেখাত কুৎসিত এই মহিলাজনী নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি কৈছিল যে, মই মৃগী ৰোগত আক্ৰান্ত হোৱাৰ ফলত কেতিয়াবা অচেতন হৈ পৰোঁ, সেই সময়ত মোৰ পৰ্দা ব্যাহত হয়। গতিকে আপুনি মোৰ বাবে আল্লাহৰ ওচৰত দুআ কৰি দিয়ক। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তুমি ইচ্ছা কৰিলে ধৈৰ্য ধাৰণ কৰিব পাৰা, ইয়াৰ ফলত তুমি জান্নাত লাভ কৰিবা। আনহাতে যদি তুমি বিচৰা তেন্তে মই আল্লাহৰ ওচৰত দুআ কৰি দিওঁ, যাতে তেওঁ তোমাক আৰোগ্য কৰি দিয়ে।" তেতিয়া মহিলাজনীয়ে ক'লেঃ মই ধৈৰ্য্য ধাৰণ কৰিম। লগতে মহিলাজনীয়ে ক'লেঃ যিহেতু সেই অৱস্থাত মোৰ পৰ্দা ব্যাহত হয়, গতিকে আপুনি আল্লাহৰ ওচৰত দুআ কৰি দিয়ক, যাতে এইটো নহয়। তেতিয়া তেখেতে দুআ কৰি দিলে।
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 2576]
হাদীছটোত ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে আতা ইবনে ৰাবাহক কৈছিল যে, মই তোমাক এজনী জান্নাতী মহিলা দেখুৱামনে? তেওঁ ক'লেঃ হয়, নিশ্চয়। সৌ কৃষ্ণাংগ হাবশ্বী মহিলাজনী নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি কৈছিল যে, মোৰ মৃগীৰোগ বা মূৰ্ছাৰোগ আছে। সেয়ে যেতিয়া মই সেই ৰোগত আক্ৰান্ত হওঁ তেতিয়া মোৰ শৰীৰৰ কিছুমান অংগ উন্মুক্ত হয়, এইটো হয় মোৰ অজানিতে। গতিকে আপুনি আল্লাহৰ ওচৰত দুআ কৰি দিয়ক, তেওঁ যেন মোক এই বেমাৰৰ পৰা আৰোগ্য প্ৰদান কৰে। তেতিয়া তেখেতে ক'লেঃ তুমি ইচ্ছা কৰিলে ধৈৰ্য্য ধাৰণ কৰিব পাৰা, তেন্তে তোমাৰ বাবে জান্নাত আছে। অন্যথা মই তোমাৰ বেমাৰ নিৰাময়ৰ বাবে মই আল্লাহৰ ওচৰত দুআ কৰি দিওঁ। মহিলাজনীয়ে ক'লেঃ তেন্তে মই ধৈৰ্য্য ধাৰণ কৰিম। ইয়াৰ পিছত মহিলাজনীয়ে ক'লেঃ তেন্তে আপুনি মোৰ বাবে কেৱল এইটো দুআ কৰি দিয়ক যে, মই মূৰ্ছা যোৱাৰ সময়ত যাতে বিবস্ত্ৰ হৈ নাযাওঁ। তেতিয়া তেখেতে আল্লাহৰ ওচৰত তাইৰ বাবে দুআ কৰি দিলে।