عَنْ أَبِي هُرَيْرَةَ رَضيَ اللهُ عنهُ قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«إِذَا انْتَهَى أَحَدُكُمْ إِلَى الْمَجْلِسِ فَلْيُسَلِّمْ، فَإِذَا أَرَادَ أَنْ يَقُومَ فَلْيُسَلِّمْ، فَلَيْسَتِ الْأُولَى بِأَحَقَّ مِنَ الْآخِرَةِ».
[حسن] - [رواه أبو داود والترمذي والنسائي في الكبرى وأحمد] - [سنن أبي داود: 5208]
المزيــد ...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যেতিয়া তোমালোকৰ মাজৰ কোনোবাই বৈঠকত উপস্থিত হয় তেতিয়া তেওঁ ছালাম কৰা উচিত। এইদৰে যেতিয়া প্ৰস্থান কৰিব তেতিয়াও ছালাম কৰা উচিত। দ্বিতীয়টোতকৈ প্ৰথমটো বেছি উত্তম নহয়।"
[হাছান] - [ইয়াক নাছায়ীয়ে বৰ্ণনা কৰিছে] - [ছুনান আবি দাঊদ - 5208]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, বৈঠকত যেতিয়া কোনো ব্যক্তিয়ে প্ৰৱেশ কৰে তেতিয়া তেওঁ উপস্থিত লোকসকলক ছালাম কৰা উচিত। এইদৰে যেতিয়া বৈঠক এৰি গুচি যাব তেতিয়াও ছালাম কৰা উচিত। যোৱাৰ সময়ত দিয়া ছালামতকৈ অহাৰ সময়ত দিয়া ছালামটো বেছি গুৰুত্বপূৰ্ণ নহয়।