عَن عَبْدِ اللَّهِ بنِ مَسْعُودٍ رَضِيَ اللَّهُ عَنْهُ قَالَ: كُنَّا مَعَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَقَالَ:
«مَنِ اسْتَطَاعَ البَاءَةَ فَلْيَتَزَوَّجْ، فَإِنَّهُ أَغَضُّ لِلْبَصَرِ، وَأَحْصَنُ لِلْفَرْجِ، وَمَنْ لَمْ يَسْتَطِعْ فَعَلَيْهِ بِالصَّوْمِ، فَإِنَّهُ لَهُ وِجَاءٌ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 1905]
المزيــد ...

আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ, তেতিয়া তেখেতে কৈছিলঃ
বিবাহ কৰিবলৈ যাৰ সামৰ্থ আছে, তেওঁ বিবাহ কৰি লোৱা উচিত। কাৰণ বিবাহে দৃষ্টি সংযত ৰাখে আৰু লজ্জাস্থান সুৰক্ষিত ৰাখে। আনহাতে যাৰ সামৰ্থ নাই তেওঁ ৰোজা পালন কৰা উচিত। কাৰণ ৰোজাই প্ৰবৃত্তিৰ কামনা-বাসনাক প্ৰতিৰোধ কৰে।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 1905]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই ব্যক্তিক বিবাহৰ প্ৰতি উৎসাহিত কৰিছে, বিবাহ কৰিবলৈ যাৰ শাৰীৰিক আৰু আৰ্থিক সামৰ্থ আছে। কাৰণ দৃষ্টিক হাৰামৰ পৰা সুৰক্ষিত ৰাখিবলৈ আৰু লজ্জাস্থানক হিফাজত কৰিবলৈ এইটো হৈছে এটা অন্যতম উপায়। লগতে অশ্লীলতাত লিপ্ত হোৱাৰ পৰা ই বিৰত ৰাখে। আনহাতে যাৰ শাৰীৰিক সক্ষমতা আছে কিন্তু আৰ্থিক সক্ষমতা নাই তেনেকুৱা ব্যক্তিয়ে ৰোজা ৰখা উচিত। কাৰণ ইয়াৰ ফলত প্ৰবৃত্তিৰ কামনা-বাসনা বিচ্ছিন্ন হয় আৰু বীৰ্য্যৰ অনিষ্টতা দূৰ কৰে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. অশ্লীলতা তথা পাপকৰ্মৰ পৰা ৰক্ষা কৰিবলৈ ইছলাম সদায় তৎপৰ।
  2. বিবাহ কৰিবলৈ যাৰ আৰ্থিক সামৰ্থ নাই, তাক ৰোজা ৰাখিবলৈ উৎসাহিত কৰিছে। কাৰণ ইয়াৰ ফলত কামনা-বাসনা হ্ৰাস পায়।
  3. ৰোজাক বন্ধ্যাকৰণৰ সৈতে সাদৃশ্য দিয়াৰ কাৰণ হৈছে, বন্ধ্যাকৰণত অণ্ডকোষক চেপেটা কৰি নিষ্ক্ৰিয় কৰি দিয়া হয়। ফলত যৌনশক্তি নাইকিয়া হৈ যায়। এইদৰে ৰোজা ৰাখিলে যৌনমিলনৰ চাহিদা সম্বৰণ হয়।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (52)
অধিক