عن عقبة بن عامر رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم:
«أَحَقُّ الشُّرُوطِ أَنْ تُوفُوا بِهِ مَا اسْتَحْلَلْتُمْ بِهِ الْفُرُوجَ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 2721]
المزيــد ...

উক্ববাহ বিন আমিৰ আল-জুহানী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
পূৰণ কৰিবলগীয়া চৰ্তসমূহৰ মাজত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ চৰ্তটো হৈছে সেই চৰ্ত, যি চৰ্তৰ দ্বাৰা তোমালোকে নিজৰ স্ত্ৰীৰ লজ্জাস্থানক হালাল কৰি লৈছা।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 2721]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্টভাৱে উল্লেখ কৰিছে যে, পূৰণ কৰিবলগীয়া চৰ্তসমূহৰ মাজত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ চৰ্তটো হৈছে বিবাহৰ সময়ত স্ত্ৰীৰ লজ্জাস্থান হালাল কৰিবলৈ যি চৰ্ত বান্ধি দিছিল সেইটো পূৰণ কৰা। অৰ্থাৎ বিবাহৰ সময়ত স্ত্ৰীৰ ফালৰ পৰা স্বামীক দিয়া যিকোনো বৈধ চৰ্ত ইয়াৰ অন্তৰ্ভুক্ত।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. স্বামী স্ত্ৰীৰ ফালৰ পৰা ইজনে সিজনক দিয়া চৰ্তসমূহ পূৰণ কৰা অনিবাৰ্য। কিন্তু এনেকুৱা চৰ্ত গ্ৰহণযোগ্য নহয় যি চৰ্তৰ দ্বাৰা হাৰামক হালাল আৰু হালালক হাৰাম কৰা হয়।
  2. অন্যান্য চৰ্তৰ তুলনাত বিবাহৰ সময়ত দিয়া চৰ্ত অধিক গুৰুত্বপূৰ্ণ। কাৰণ এই চৰ্তৰ দ্বাৰা স্ত্ৰীৰ লজ্জাস্থান হালাল কৰা হয়।
  3. ইছলামত বিবাহৰ গুৰুত্ব। সেই কাৰণেই বিবাহৰ চৰ্তক অধিক গুৰুত্ব দিয়া হৈছে।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (64)