عَنْ إِبرَاهِيمَ النَّخَعِيِّ عَنْ هَمَّامِ بنِ الحَارِثِ قَالَ:
بَالَ جَرِيرٌ، ثُمَّ تَوَضَّأَ، وَمَسَحَ عَلَى خُفَّيْهِ، فَقِيلَ: تَفْعَلُ هَذَا؟ فَقَالَ: نَعَمْ، رَأَيْتُ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ بَالَ، ثُمَّ تَوَضَّأَ وَمَسَحَ عَلَى خُفَّيْهِ. قَالَ الأَعْمَشُ: قَالَ إِبْرَاهِيمُ: كَانَ يُعْجِبُهُمْ هَذَا الحَدِيثُ؛ لِأَنَّ إِسْلَامَ جَرِيرٍ، كَانَ بَعْدَ نُزُولِ المَائِدَةِ.
[صحيح] - [متفق عليه] - [صحيح مسلم: 272]
المزيــد ...
ইব্ৰাহীম আন-নাখায়ীয়ে হাম্মাম ইবনুল হাৰিছৰ পৰা বৰ্ণনা কৰিছে, তেওঁ কৈছেঃ
জাৰীৰে প্ৰস্ৰাৱ কৰি আহি অজু কৰিলে আৰু তেওঁৰ মোজাৰ ওপৰত মছেহ কৰিলে। তেওঁক কোৱা হ'লঃ আপুনি এনেকুৱাই কৰে নেকি? তেওঁ ক'লেঃ হয়। মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক দেখিছোঁ, তেখেতে প্ৰস্ৰাৱ কৰি আহি অজু কৰাৰ সময়ত মোজাৰ ওপৰত মছেহ কৰিছিল। আ'মাশ্বে কৈছে ইব্ৰাহীমে কৈছে যে, এই হাদীছটোক হাদীছ বিশাৰদসকলে আগ্ৰহৰ সৈতে গ্ৰহণ কৰিছে। কিয়নো জাৰীৰ (ৰাদ্বিয়াল্লাহু আনহুৱে) ছুৰা মায়িদা অৱতীৰ্ণ হোৱাৰ পিছত ইছলাম গ্ৰহণ কৰিছিল।
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 272]
হাদীছটোত উল্লেখ হৈছে যে, জাৰীৰ ৰাদ্বিয়াল্লাহু আনহুৱে প্ৰস্ৰাৱ কৰি আহি অজু কৰিলে। কিন্তু তেওঁ অজু কৰাৰ সময়ত ভৰি নোধোৱাকৈ কেৱল মোজাৰ ওপৰত মছেহ কৰিলে। তেওঁৰ ওচৰত থকা কোনোবাই তেওঁক সুধিলেঃ আপুনি সচৰাচৰ এনেকুৱাই কৰে নেকি? তেওঁ ক'লেঃ হয়। কিয়নো মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক দেখিছোঁ, তেখেতে প্ৰস্ৰাৱ কৰি আহি অজু কৰাৰ সময়ত মোজাৰ ওপৰত মছেহ কৰিছিল। জাৰীৰ ৰাদ্বিয়াল্লাহু আনহুৱে ইছলাম গ্ৰহণ কৰিছিল বহুত পিছত, ছুৰা মায়িদা অৱতীৰ্ণ হোৱাৰ পিছত, যিটোৰ ভিতৰত অজুৰ আয়াত আছে। ইয়াৰ দ্বাৰা এইটো বুজোৱা হৈছে যে, মোজাৰ ওপৰত মছেহ কৰাৰ বিধানটো উক্ত আয়াতৰ দ্বাৰা ৰহিত হোৱা নাই।