عَنْ عَبْدِ اللهِ بنِ مَسْعُودٍ رَضيَ اللهُ عنهُ قَالَ: نَامَ رَسُولُ اللهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ عَلَى حَصِيرٍ، فَقَامَ وَقَدْ أَثَّرَ فِي جَنْبِهِ، فَقُلْنَا: يَا رَسُولَ اللهِ، لَوِ اتَّخَذْنَا لَكَ وِطَاءً، فَقَالَ:
«مَا لِي وَلِلدُّنْيَا، مَا أَنَا فِي الدُّنْيَا إِلاَّ كَرَاكِبٍ اسْتَظَلَّ تَحْتَ شَجَرَةٍ ثُمَّ رَاحَ وَتَرَكَهَا».
[صحيح] - [رواه الترمذي وابن ماجه] - [سنن الترمذي: 2377]
المزيــد ...
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম ঢাৰি ওপৰত শুই আছিল, তেখেত যেতিয়া টোপনিৰ পৰা উঠিল, দেখা গ'ল তেখেতৰ শৰীৰত ঢাৰিৰ দাগ বহিছে। তেতিয়া আমি ক'লোঁঃ হে আল্লাহৰ ৰাছুল! আমি যদি আপোনাৰ বাবে এখন আৰামদায়ক বিছনাৰ ব্যৱস্থা কৰি দিওঁ। এই কথা শুনি তেখেতে ক'লেঃ
"দুনিয়াৰ সৈতে মোৰ কি সম্পৰ্ক? পৃথিৱীত মই হৈছোঁ এজন এনেকুৱা ভ্ৰমণকাৰীৰ দৰে, যিয়ে এজোপা গছৰ তলত বিশ্ৰাম লোৱাৰ বাবে আশ্ৰয় লয় আৰু ইয়াৰ পিছত সেই ঠাই এৰি নিজৰ গন্তব্যৰ ফালে গুচি যায়।"
[ছহীহ] - [(তিৰমিজী, ইবনে মাজাহ)] - [ছুনান তিৰমিজী - 2377]
আব্দুল্লাহ বিন মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত উল্লেখ কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ সৰু এখন পাটীত শুই আছিল, যিটো বাঁহ বেত বা ঘাঁহ বন আদিৰে বনোৱা হৈছিল, তেখেতে সেই বিছনাত টোপনি মাৰি উঠাৰ পিছত দেখা গ'ল যে, তেখেতৰ শৰীৰত পাটীৰ দাগ বহিছে। তেতিয়া আমি ক'লোঁঃ হে আল্লাহৰ ৰাছুল! এই বাঁহ বেতেৰে তৈয়াৰী ঢাৰি পাটীৰ বিপৰীতে আমি যদি আপোনাৰ বাবে এখন আৰামদায়ক বিছনাৰ ব্যৱস্থা কৰি দিওঁ তেন্তে সেইটো উত্তম হ'লহেঁতেন। তেতিয়া তেখেতে চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ পাৰ্থিৱ সা-সম্পত্তিৰ প্ৰতি মোৰ কোনো লোভ লালসা নাই। মই এই পৃথিৱীত আছোঁ এজন মুছাফিৰৰ দৰে, যিয়ে কিছু সময় বিশ্ৰামৰ বাবে এজোপা গছৰ তলত আশ্ৰয় লয় আৰু তাৰ পিছত সেই ঠাই পৰিত্যাগ কৰি নিজৰ গন্তব্য স্থললৈ গুচি যায়।