عَنْ عَائِشَةَ أُمِّ المُؤْمِنينَ رَضِيَ اللَّهُ عَنْهَا قَالَتْ:
مَا أَكَلَ آلُ مُحَمَّدٍ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَكْلَتَيْنِ فِي يَوْمٍ إِلَّا إِحْدَاهُمَا تَمْرٌ.

[صحيح] - [متفق عليه] - [صحيح البخاري: 6455]
المزيــد ...

উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মুহাম্মদৰ পৰিয়ালবৰ্গই দৈনিক ভোজন কৰা দুবেলা দুমুঠিৰ ভিতৰত এবেলি খাইছিল খেজুৰ।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 6455]

ব্যাখ্যা

হাদীছটোত উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰিয়ালবৰ্গই দৈনিক যি দুবেলা আহাৰ কৰিছিল, তাৰে এবাৰ ভোজনৰ খাদ্য হিচাপে থাকিছিল খেজুৰ।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰিয়াল বৰ্গ অত্যন্ত বিনয়ী আছিল। কেতিয়াবা তেওঁলোকে দিনত এবাৰৰ বেছি আহাৰ কৰিবলৈ একো পোৱা নাছিল।
  2. অন্যান্য আহাৰৰ তুলনাত খেজুৰ আছিল তেখেতসকলৰ বাবে অতি সহজলভ্য।
  3. দুনিয়াৰ লোভ লালসা ত্যাগ কৰি নিজৰ ওচৰত যি আছে তাৰ ওপৰতে সন্তুষ্টি প্ৰকাশ কৰাৰ ফজীলত। এইটোৱে আছিল নবীসকলৰ চৰিত্ৰ আৰু ৰাছুলসকলৰ শিৰোমণিৰ পৱিত্ৰ ছীৰত।
  4. দৈনিক দুবাৰ আহাৰ কৰাটো বৈধ তথা অনুমোদিত। এইটো আৰবীয়ানসকলৰ পৰিচিত অভ্যাস আছিল। তেওঁলোকে দৈনিক দুবাৰ আহাৰ কৰিছিল, এটা হৈছে মধ্যাহ্ন ভোজন আৰু আনটো হৈছে ৰাতিৰ আহাৰ।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإندونيسية অধিক (28)
অধিক