عَنْ عَائِشَةَ أُمِّ المُؤْمِنينَ رَضِيَ اللَّهُ عَنْهَا قَالَتْ:
مَا أَكَلَ آلُ مُحَمَّدٍ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَكْلَتَيْنِ فِي يَوْمٍ إِلَّا إِحْدَاهُمَا تَمْرٌ.  
                        
[صحيح] - [متفق عليه] - [صحيح البخاري: 6455]
                        
 المزيــد ... 
                    
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মুহাম্মদৰ পৰিয়ালবৰ্গই দৈনিক ভোজন কৰা দুবেলা দুমুঠিৰ ভিতৰত এবেলি খাইছিল খেজুৰ। 
                                                     
                                                                                                    
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 6455]                                            
হাদীছটোত উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰিয়ালবৰ্গই দৈনিক যি দুবেলা আহাৰ কৰিছিল, তাৰে এবাৰ ভোজনৰ খাদ্য হিচাপে থাকিছিল খেজুৰ।