عَنْ عَائِشَةَ أُمِّ المُؤْمِنينَ رَضِيَ اللَّهُ عَنْهَا قَالَتْ:
مَا شَبِعَ آلُ مُحَمَّدٍ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ مُنْذُ قَدِمَ المَدِينَةَ مِنْ طَعَامِ البُرِّ ثَلاَثَ لَيَالٍ تِبَاعًا، حَتَّى قُبِضَ.
[صحيح] - [متفق عليه] - [صحيح البخاري: 5416]
المزيــد ...
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ অহাৰ পিছত মৃত্যু পৰ্যন্ত তেখেতৰ পৰিয়ালৰ লোকসকলে একেলেঠাৰীয়ে তিনি ৰাতিলৈকে ঘেঁহুৰ ৰুটিৰে পেট ভৰাই খোৱা নাছিল।
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 5416]
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই হাদীছটোত উল্লেখ কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম মদীনালৈ অহাৰ পিছৰ পৰা তেখেতে আৰু তেখেতৰ পৰিয়ালবৰ্গই কেতিয়াও তিনি দিন পৰ্যন্ত ধাৰাবাহিকভাৱে ঘেঁহুৰ ৰুটি খাই তৃপ্ত হোৱা নাছিল। এই ধাৰাবাহিকতা তেখেতৰ মৃত্যু পৰ্যন্ত আছিল।