عَنْ عَائِشَةَ أُمِّ المُؤْمِنينَ رَضِيَ اللَّهُ عَنْهَا قَالَتْ:
كَانَ فِرَاشُ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ مِنْ أَدَمٍ، وَحَشْوُهُ مِنْ لِيفٍ، وَلِمُسلمٍ: كَانَ وِسَادَةُ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ الَّتِي يَتَّكِئُ عَلَيْهَا مِنْ أَدَمٍ حَشْوُهَا لِيفٌ.
[صحيح] - [متفق عليه] - [صحيح البخاري: 6456]
المزيــد ...
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিছনা আছিল চামৰাৰে তৈয়াৰী, আৰু তাৰ ভিতৰত আছিল খেজুৰ গছৰ ছাল। মুছলিমৰ বৰ্ণনাত আছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ গাৰু যিটোত তেখেতে আউজি বহিছিল সেইটো চামৰাৰে নিৰ্মিত আছিল আৰু তাৰ ভিতৰত আছিল খেজুৰ গছৰ ছাল।
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 6456]
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই হাদীছটোত উল্লেখ কৰিছে যে, যিটো বিছনাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বিশ্ৰাম লৈছিল তথা টোপনি মাৰিছিল, সেইটো পৰিচ্ছন্ন চামৰাৰে নিৰ্মিত আছিল, আৰু তাৰ ভিতৰত আছিল খেজুৰ গছৰ আঁহ। এইদৰে তেখেতৰ গাৰুখনো ইয়াৰ দ্বাৰাই তৈয়াৰী আছিল।