عَنْ عَمْرِو بْنِ الحَارِثِ خَتَنِ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَخِي أُمِّ المؤمِنين جُوَيْرِيَةَ بِنْتِ الحَارِثِ رَضِيَ اللَّهُ عَنْهُم، قَالَ:
مَا تَرَكَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عِنْدَ مَوْتِهِ دِرْهَمًا وَلاَ دِينَارًا وَلاَ عَبْدًا وَلاَ أَمَةً وَلاَ شَيْئًا، إِلَّا بَغْلَتَهُ البَيْضَاءَ، وَسِلاَحَهُ، وَأَرْضًا جَعَلَهَا صَدَقَةً.
[صحيح] - [رواه البخاري] - [صحيح البخاري: 2739]
المزيــد ...
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুলশালিয়েক আমৰ ইবনুল হাৰিছ অৰ্থাৎ উম্মুল মুমিনীন জুৱাইৰিয়া ৰাদ্বিয়াল্লাহু আনহাৰ ভাতৃৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ সময়ত তেখেতৰ বগা খচ্চৰটো, তেখেতে ব্যৱহাৰ কৰা অস্ত্ৰ, আৰু সেই ভূমি যিটো তেখেতে চাদাক্বাহ কৰিছিল, এইখিনি বস্তুৰ বাহিৰে তেখেতে কোনো স্বৰ্ণ মুদ্ৰা বা ৰৌপ্য মুদ্ৰা, কোনো দাস-দাসী অথবা বেলেগ আন কোনো বস্তু এৰি যোৱা নাই।
[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 2739]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মৃত্যুবৰণ কৰিছিল তেতিয়া তেখেতৰ ওচৰত কোনো দীনাৰ (স্বৰ্ণমুদ্ৰা) বা দিৰহাম (ৰৌপ্যমুদ্ৰা) নাছিল। এইদৰে কোনো দাস-দাসীও নাছিল আৰু কোনো ঘৰচীয়া পশুধন যেনে- ছাগলী, উট আদিও নাছিল। কেৱল আছিল মাত্ৰ তেখেতে বাহন হিচাপে ব্যৱহাৰ কৰা তেখেতৰ এটি গাধ, আৰু তেখেতৰ সেই অস্ত্ৰ যিটো তেখেতে ধাৰণ কৰিছিল। লগতে এৰি থৈ গৈছিল এটুকুৰা ভূমি, যিটো তেখেতে জীৱিত অৱস্থাতে পথযাত্ৰীসকলৰ বাবে ব্যয় কৰাৰ উদ্দেশ্যে ওৱাকফ কৰি থৈছিল।