عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللَّهُ عَنْهُ أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ لِبِلاَلٍ عِنْدَ صَلاَةِ الفَجْرِ:
«يَا بِلاَلُ، حَدِّثْنِي بِأَرْجَى عَمَلٍ عَمِلْتَهُ فِي الإِسْلاَمِ، فَإِنِّي سَمِعْتُ دَفَّ نَعْلَيْكَ بَيْنَ يَدَيَّ فِي الجَنَّةِ» قَالَ: مَا عَمِلْتُ عَمَلًا أَرْجَى عِنْدِي أَنِّي لَمْ أَتَطَهَّرْ طَهُورًا، فِي سَاعَةِ لَيْلٍ أَوْ نَهَارٍ، إِلَّا صَلَّيْتُ بِذَلِكَ الطُّهُورِ مَا كُتِبَ لِي أَنْ أُصَلِّيَ.

[صحيح] - [متفق عليه] - [صحيح البخاري: 1149]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ সময়ত বিলালক ক'লে যে,
হে বিলাল! তুমি মোক কোৱাচোন, ইছলাম গ্ৰহণৰ পিছত তুমি সৰ্বাধিক সন্তুষ্টিমূলক কোনটো আমল কৰিছা? কাৰণ মই জান্নাতত মোৰ সন্মুখত তোমাৰ ভৰিৰ খোজৰ শব্দ শুনিছোঁ। তেওঁ ক'লেঃ মই ইয়াতকৈ সন্তুষ্টিমূলক বেলেগ আন কোনো কাম কৰা নাই, সেইটো হৈছে এই যে, মই দিনে ৰাতি যেতিয়াই পৱিত্ৰতা অৰ্জন (অজু) কৰিছোঁ, তেতিয়াই সেইটোৰ দ্বাৰা তাক্বদীৰত লিখিত অনুসৰি মহান আল্লাহৰ তাওফীক অনুযায়ী নামাজ আদায় কৰিছোঁ।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 1149]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ সপোনত দেখিলে যে, তেখেত জান্নাতত আছে। তেখেতে বিলালক মাতি ক'লেঃ হে বিলাল! তুমি ইছলাম গ্ৰহণৰ পিছত নফল ইবাদতৰ ভিতৰত আটাইতকৈ আশাব্যঞ্জক কোনটো আমল কৰিছা? কাৰণ মই জান্নাতত মোৰ সন্মুখত তোমাৰ জোতাৰ মৃদু শব্দ শুনিছোঁ। বিলাল ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ মই এনেকুৱা কোনো কাম কৰিছোঁ বুলি মোৰ ধাৰণা নহয়, কিন্তু দিনে ৰাতি মই যেতিয়াই মোৰ অজু ভংগ হৈছে, লগে লগে মই অজু কৰি মহান আল্লাহে প্ৰদান কৰা তাওফীক অনুযায়ী নফল নামাজ আদায় কৰিছোঁ।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. বিলাল ৰাদ্বিয়াল্লাহু আনহুৱে যিটো আমলৰ কথা উল্লেখ কৰিছে, হাদীছটোৰ দ্বাৰা সেই আমলৰ ফজীলত বৰ্ণিত হৈছে। সেয়া হৈছে তেওঁ যেতিয়াই অজু কৰিছে তেতিয়াই নফল নামাজ পঢ়িছে। এইটো হৈছে অত্যন্ত আশাব্যঞ্জক এটা আমল আৰু জান্নাতত প্ৰৱেশৰ এটা অন্যতম গুৰুত্বপূৰ্ণ মাধ্যম।
  2. প্ৰত্যেক অজুৰ পিছত নামাজ পঢ়া মুস্তাহাব।
  3. আদৰ্শৱান ব্যক্তি অথবা মুৰব্বী তথা অভিভাৱকে নিজৰ শিষ্যক আমল সম্পৰ্কে সুধিব লাগে। যদি তাৰ সেই আমলটো উত্তম হয় তেন্তে তাক সেইটোৰ প্ৰতি অধিক উৎসাহিত কৰিব লাগে। অন্যথা নিষেধ কৰিব লাগে।
  4. স্বয়ং নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সাক্ষ্য প্ৰদান কৰিছে যে, বিলাল ৰাদ্বিয়াল্লাহু আনহু হৈছে জান্নাতৰ অধিবাসী।
  5. তেখেতে এই প্ৰশ্নটো ফজৰৰ সময়ত সুধিছিল, ইয়াৰ দ্বাৰা বুজা যায় যে, তেখেতে এইটো সপোনত দেখিছিল। জানি থোৱা উচিত যে, নবীসকলৰ সপোন হৈছে সত্য।
অনুবাদ: ইংৰাজী ইন্দোনেচিয়ান বাংলা ৰুচিয়ান ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম শ্বাহিলী থাই ডাচ গুজৰাটী দাৰী হাংগেৰী الجورجية المقدونية الخميرية البنجابية الماراثية
অনুবাদ চাওক
অধিক