عَنْ عَلِيٍّ رَضِيَ اللَّهُ عَنْهُ: إِذَا حَدَّثْتُكُمْ عَنْ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فَلَأَنْ أَخِرَّ مِنَ السَّمَاءِ أَحَبُّ إِلَيَّ مِنْ أَنْ أَكْذِبَ عَلَيْهِ، وَإِذَا حَدَّثْتُكُمْ فِيمَا بَيْنِي وَبَيْنَكُمْ فَإِنَّ الحَرْبَ خَدْعَةٌ، سَمِعْتُ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ:
«يَأْتِي فِي آخِرِ الزَّمَانِ قَوْمٌ حُدَثَاءُ الأَسْنَانِ سُفَهَاءُ الأَحْلاَمِ، يَقُولُونَ مِنْ خَيْرِ قَوْلِ البَرِيَّةِ، يَمْرُقُونَ مِنَ الإِسْلاَمِ كَمَا يَمْرُقُ السَّهْمُ مِنَ الرَّمِيَّةِ، لاَ يُجَاوِزُ إِيمَانُهُمْ حَنَاجِرَهُمْ، فَأَيْنَمَا لَقِيتُمُوهُمْ فَاقْتُلُوهُمْ، فَإِنَّ قَتْلَهُمْ أَجْرٌ لِمَنْ قَتَلَهُمْ يَوْمَ القِيَامَةِ».
[صحيح] - [متفق عليه] - [صحيح البخاري: 3611]
المزيــد ...
আলী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, (তেওঁ কৈছেঃ) যেতিয়া মই তোমালোকৰ ওচৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাদীছ বৰ্ণনা কৰোঁ, তেতিয়া এই কথা জানি থবা যে, তেখেতৰ প্ৰতি মিছা আৰোপ কৰাতকৈ মই আকাশৰ পৰা পৰি ধ্বংস হৈ যাওঁ এইটোৱে মোৰ ওচৰত বেছি পছন্দনীয়। পক্ষান্তৰে আমাৰ পাৰস্পৰিক কোনো বিষয়ত যদি আমি আলোচনা কৰোঁ, তেন্তে জানি থোৱা, যুদ্ধ হৈছে এটা প্ৰৱঞ্চনা। মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ
"শেষ যামানাত এদল যুৱকৰ আবিৰ্ভাৱ হ'ব, যিসকল হ'ব স্বল্পবুদ্ধি সম্পন্ন। সিহঁতে কথা কোৱাত পাকৈত হ'ব। সিহঁতে ইছলামৰ পৰা এনেকৈ ওলাই যাব, যেনেকৈ ধেনুৰ পৰা কাঁড় ওলাই যায়। সিহঁতৰ ঈমান ডিঙিৰ তললৈ প্ৰৱেশ নকৰিব। সিহঁতক য'তেই লগ পাবা হত্যা কৰিবা। সিহঁতক যিয়ে হত্যা কৰিব, কিয়ামতৰ দিনা তাক পুৰস্কৃত কৰা হ'ব।"
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 3611]
আমীৰুল মুমিনীন আলী বিন আবি তালিব ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত উল্লেখ কৰিছে যে, তোমালোকে মোক যেতিয়া হাদীছ বৰ্ণনা কৰা দেখিবা, তেতিয়া জানি থ'বা যে, মই কেতিয়াও তেখেতৰ কোনো কথা গোপন নকৰোঁ, আৰু অস্পষ্টও এৰি নিদিওঁ। বৰং মই স্পষ্টৰূপে বৰ্ণনা কৰোঁ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি মিছা কথা আৰোপ কৰাৰ তুলনাত, মই আকাশৰ পৰা পৰি ধ্বংস হোৱাটো মোৰ বাবে বেছি সহজ। পক্ষান্তৰে মানুহৰ পাৰস্পৰিক বিষয়ত যেতিয়া কথা কওঁ, তেতিয়া জানি থোৱা, যুদ্ধ হৈছে এক প্ৰকাৰ প্ৰৱঞ্চনা। এনেকুৱা ক্ষেত্ৰত ইংগিত কৰিব পাৰোঁ, আৰু কোনো কথা গোপন কৰিব পাৰোঁ। এতেকে শুনা! মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ শেষ যামানাত এদল যুৱকৰ আবিৰ্ভাৱ হ'ব, যিসকলৰ বয়স কম থাকিব, বিবেক বুদ্ধিত সিহঁত অতি দুৰ্বল হ'ব। সিহঁতে কোৰআনৰ কথা কোৱাত পাকৈত হ'ব, বেছি বেছি কোৰআন তিলাৱত কৰিব। সিহঁতে ইছলামৰ পৰা এনেকৈ ওলাই যাব তথা এনেকৈ চৰীয়তৰ সীমা অতিক্ৰম কৰিব, যেনেকৈ ধেনুৰ পৰা কাঁড় ওলাই যায়। ঈমান সিহঁতৰ ডিঙিৰ তললৈ প্ৰৱেশ নকৰিব। এতেকে তোমালোকে সিহঁতক য'তেই লগ পাবা হত্যা কৰিবা। সিহঁতক যিয়ে হত্যা কৰিব, কিয়ামতৰ দিনা তাক পুৰস্কৃত কৰা হ'ব।