عن عائشة رضي الله عنها قالت: قال رسول الله صلى الله عليه وسلم : "من أحدث في أمرنا هذا ما ليس منه فهو رد " وفي رواية " مَن عَمِلَ عملًا ليس عليه أمرُنا فهو رَدٌّ".
[صحيح] - [متفق عليه]
المزيــد ...

আইশ্বা ৰাদ্বিয়াল্লাহু ‘আনহাৰ পৰা বর্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "c2">“যিয়ে এনেকুৱা কোনো আমল কৰিছে যিটো আমাৰ চৰীয়তত নাই সেইটো প্রত্যাখ্যাত।” ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

প্ৰত্যেক সেই আমল অথবা কথা যিটো কোনো মতেই চৰীয়তৰ লগত নিমিলে, আনকি চৰীয়তৰ কোনো দলীল-প্ৰমাণ আৰু নীতি তাৰ সপক্ষত প্রমাণ বহন নকৰে, সেই আমল সেই ব্যক্তিৰ মুখলৈ দলিয়াই দিয়া হয় আৰু সেইটো কেতিয়াও গ্ৰহণ কৰা নহয়।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. বিচাৰকৰ নির্দেশে অভ্যন্তৰীণ বিষয়ক কেতিয়াও পৰিবর্তন নকৰে। কাৰণ তেখেতে কৈছে, (ليس عليه أمرنا) অৰ্থাৎ যিটো আমাৰ ধৰ্মৰ অন্তৰ্গত নহয়। আমৰুনা শব্দৰ দ্বাৰা আমাৰ ধৰ্ম বুজোৱা হৈছে।
  2. দ্বীনৰ ভিত্তি হৈছে চৰীয়তৰ ওপৰত।
  3. সকলো প্ৰকাৰ বিদআতেই বাতিল, আমল সংক্ৰান্তীয় হওক অথবা আক্বীদা সংক্ৰান্তীয়। যেনে, তা‘তীল, ইৰজা, ভাগ্যক অস্বীকাৰ কৰা, গুনাহৰ ফলত কাফিৰ ঘোষণা কৰা আদিৰ বিদআত, লগতে ইবাদতৰ ক্ষেত্ৰত অন্যান্য বিদআতসমূহ।
  4. কোনো ব্যক্তিৰ মত আৰু পছন্দৰ নাম ধৰ্ম নহয়।
  5. দ্বীনৰ পৰিপূর্ণতাৰ প্রতি ইঙ্গিত কৰা হৈছে।
  6. ধৰ্মৰ নামত আৱিষ্কৃত চৰীয়ত পৰিপন্থী সকলো বিদআতকেই খণ্ডন কৰা হৈছে। অন্য বৰ্ণনাত ধৰ্মৰ নামত আৱিষ্কৃত বিদআতক পৰিহাৰ কৰাৰ স্পষ্ট নিৰ্দেশ আহিছে, সেই আমলটোক আমলকাৰীয়ে নিজেই আৱিষ্কাৰ কৰক নাইবা তাৰ পূৰ্বে বেলেগ কোনোবাই আৱিষ্কাৰ কৰক।
  7. সকলো নিষিদ্ধ চুক্তি বাতিল কৰা হৈছে আৰু ইয়াৰ ফলত হ'বলগীয়া ফলাফলৰ অস্তিত্বক বাতিল ঘোষণা কৰা হৈছে।
  8. নিষেধাজ্ঞাই বাতিল হোৱাৰ প্রমাণ বহন কৰে। কিয়নো নিষিদ্ধ বস্তু কেতিয়াও দ্বীনৰ অংশ হ’ব নোৱাৰে, সেয়ে সেইবোৰ প্রত্যাখ্যান কৰা ওৱাজিব।
অধিক