عن أبي هريرة رضي الله عنه قال: سمعت رسول الله صلى الله عليه وسلم يقول: «ما نهيتكم عنه فاجتنبوه، وما أمرتكم به فأْتُوا منه ما استطعتم، فإنما أَهلَكَ الذين من قبلكم كثرةُ مسائلهم واختلافهم على أنبيائهم». [صحيح] - [متفق عليه] المزيــد ...
মানুহৰ সক্ষমতা আৰু সামৰ্থ আছে। সেইকাৰণেই তেখেতে কৈছে, “তোমালোকৰ সক্ষমতানুযায়ী।” এই বাক্যটো জাব্ৰীয়াসকলৰ ধাৰণাক খণ্ডন কৰিবলৈ যথেষ্ট, যিসকলে কয়, মানুহৰ কোনো ক্ষমতা নাই, সিহঁত কাম কৰিবলৈ বাধ্য। আনকি যেতিয়া কোনো মানুহে কথা কোৱাৰ বাবে হাত লৰচৰ কৰে তেতিয়াও সিহঁতে কয়: মানুহে নিজৰ ক্ষমতাত হাত লৰচৰ কৰা নাই। বৰং সি বাধ্য। নিঃসন্দেহে এনেকুৱা ধাৰণা বাতিল। বৰং ইয়াৰ ডাঙৰ ক্ষতিকৰ দিশ আছে।
ৰাছুলৰ নির্দেশ শুনাৰ পিছত কোনো মানুহৰ বাবেই এই কথা কোৱা উচিত নহয় যে, এইটো ওৱাজিব নে মুস্তাহাব? কাৰণ তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকে সক্ষম অনুযায়ী সেইটো পালন কৰা।
কিয়নো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যিটো পালন কৰিবলৈ আদেশ কৰিছে আৰু যিটোৰ পৰা নিষেধ কৰিছে, সেইটোৱে চৰীয়ত। সেইটো কোৰআনত উল্লেখ থাকক বা নাথাকক। তেতিয়া হাদীছৰ ওপৰত আমল কৰিব লাগিব, আদেশ হওক অথবা নিষেধ।
অধিক প্রশ্ন কৰাটো হৈছে ধ্বংসৰ কাৰণ। বিশেষকৈ এনেকুৱা কোনো বিষয়ত অধিক প্রশ্ন কৰা, যাৰ প্ৰকৃত অৱস্থা জনাটো সম্ভৱ নহয়। উদাহৰণস্বৰূপে গাইবী মাছাঈলসমূহ, আল্লাহৰ নাম আৰু তেওঁৰ ছিফাতসমূহৰ বিষয়ে আৰু কিয়ামতৰ অৱস্থা সম্পৰ্কে। এইবোৰৰ বিষয়ে অধিক প্ৰশ্ন নকৰিবা অন্যথা তুমি ধ্বংস হ’বা, আৰু সীমালঙ্ঘনকাৰী হিচাপে পৰিগণিত হ’বা।