عَنْ عَبْدِ اللهِ بْنِ مَسْعُودٍ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ:
«لَيْسَ الْمُؤْمِنُ بِالطَّعَّانِ وَلاَ اللَّعَّانِ وَلاَ الفَاحِشِ وَلاَ البَذِيءِ».

[صحيح] - [رواه الترمذي] - [سنن الترمذي: 1977]
المزيــد ...

আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মুমিন কেতিয়াও পৰনিন্দাকাৰী, অভিশাপকাৰী নহয়, লগতে অভদ্ৰ ভাষা প্ৰয়োগকাৰী আৰু অসংযতও নহয়।"

[ছহীহ] - [(তিৰমিজী)] - [ছুনান তিৰমিজী - 1977]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, প্ৰকৃত মুমিনৰ স্বভাৱ এইটো কেতিয়াও হ'ব নোৱাৰে যে, তেওঁ মানুহৰ দোষ-ত্ৰুটি গাই ফুৰিব বা পৰনিন্দা কৰিব, লগতে মুমিন কেতিয়াও অভিশাপকাৰী হ'ব নোৱাৰে তথা অশ্লীলতা, বেয়া ভাষা বা অভদ্ৰ ভাষা ব্যৱহাৰকাৰী হ'ব নোৱাৰে, যাৰ কোনো লাজ চৰম নাই।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. হাৰাম কৰ্মত লিপ্ত হোৱা অথবা ওৱাজিব পৰিত্যাগ কৰাক চৰীয়তি বিধানে ঈমান নথকা বুলি উল্লেখ কৰিছে।
  2. অংগ-প্ৰত্যংগৰ সংৰক্ষণ আৰু এইবোৰক ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ উৎসাহিত কৰা হৈছে। বিশেষকৈ জিভাক।
  3. ছিন্ধিয়ে কৈছেঃ হাদীছটোত (الطعّان، واللعّان অধিক পৰনিন্দাকাৰী আৰু অধিক অভিশাপকাৰী) শব্দ ব্যৱহাৰ হৈছে, ই প্ৰমাণ কৰে যে, যিসকল লোক ইয়াৰ যোগ্য সিহঁতৰ বিষয়েও সমালোচনা কৰা তথা নিন্দা কৰাটোও মুমিনৰ পক্ষে উচিত নহয়।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإندونيسية অধিক (50)
অধিক