+ -

عَنِ المُغِيرَةِ بْنِ شُعْبَةَ رَضِيَ اللَّهُ عَنْهُ عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«لاَ يَزَالُ طَائِفَةٌ مِنْ أُمَّتِي ظَاهِرِينَ، حَتَّى يَأْتِيَهُمْ أَمْرُ اللَّهِ وَهُمْ ظَاهِرُونَ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 7311]
المزيــد ...

মুগীৰাহ বিন শ্বুবাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মোৰ উম্মতৰ এটা দল সদায় বিজয়ী থাকিব, অৱশেষত আল্লাহৰ নিৰ্দেশ (কিয়ামত) আহি পৰিব আৰু তেওঁলোক বিজয়ী অৱস্থাতে থাকিব।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 7311]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মোৰ উম্মতৰ এটা দল সদায় মানুহৰ ওপৰত বিজয়ী হৈ থাকিব, শত্ৰুসকলক পৰাস্ত কৰিব, তেওঁলোকৰ এই ধাৰাবাহিকতা কিয়ামত পৰ্যন্ত থাকিব, অৱশেষত শেষ জামানাত কিয়ামতৰ পূৰ্বে আল্লাহে তেওঁলোকৰ প্ৰাণ হৰণ কৰিব।

অনুবাদ: ইন্দোনেচিয়ান ছিনহালী ভিয়েতনামীজ হাওছা শ্বাহিলী আমহাৰিক ডাচ
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. এইটো মহা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্যতম এটা মুজিঝা (অলৌকিকতা)। কাৰণ এই বৈশিষ্ট্য নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগৰ পৰা এতিয়ালৈকে অৱশিষ্ট আছে, লগতে তেতিয়ালৈকে অৱশিষ্ট থাকিব যেতিয়ালৈকে আল্লাহৰ নিৰ্দেশ আহি নপৰে, যিদৰে হাদীছটোত বৰ্ণিত হৈছে।
  2. সত্যৰ ওপৰত আমল কৰাৰ আৰু ইয়াৰ ওপৰত অটল থকাৰ ফজীলত বৰ্ণিত হৈছে, লগতে এই ক্ষেত্ৰত উৎসাহিত কৰা হৈছে।
  3. দ্বীন বা ধৰ্মই দুই ধৰণে জয় লাভ কৰে, এক প্ৰকাৰ হৈছে, যুক্তি-প্ৰমাণ আৰু স্পষ্টতাৰ জৰিয়তে, আৰু দ্বিতীয়টো হৈছে শক্তি আৰু ক্ষমতাৰ জৰিয়তে। যুক্তি প্ৰমাণৰ মাধ্যমত ধৰ্মই সদায় জয় লাভ কৰে। কাৰণ ইছলামৰ মূল যুক্তি প্ৰমাণ হৈছে কোৰআন, আৰু এই কোৰআন সকলো সময়তে আৰু সকলো ক্ষেত্ৰতে সদায় প্ৰভাৱিত। আনহাতে শক্তি সামৰ্থৰ জৰিয়তে লাভ কৰিব পৰা বিজয় নিৰ্ভৰ কৰে ঈমানৰ ওপৰত আৰু পৃথিৱীত থকা সিহঁতৰ ক্ষমতাৰ ওপৰত।
অধিক