হাদীছৰ তালিকা

তাৰ পিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব।
عربي الإنجليزية الأوردية
পৃথিৱী হৈছে মুমিনসকলৰ বাবে কাৰাগাৰ স্বৰূপ, আৰু কাফিৰসকলৰ বাবে জান্নাত স্বৰূপ।
عربي الإنجليزية الأوردية
পৃথিৱীৰ প্ৰতি মোহ নাৰাখিবা, এনে কৰিলে আল্লাহে তোমাক ভাল পাব; আৰু মানুহৰ ওচৰত যি আছে সেই সম্পৰ্কে আগ্ৰহী নহ’বা, এনে কৰিলে মানুহে তোমাক ভাল পাব।
عربي الإنجليزية الأوردية
মুহাম্মদৰ পৰিয়ালবৰ্গই দৈনিক ভোজন কৰা দুবেলা দুমুঠিৰ ভিতৰত এবেলি খাইছিল খেজুৰ।
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনালৈ অহাৰ পিছত মৃত্যু পৰ্যন্ত তেখেতৰ পৰিয়ালৰ লোকসকলে একেলেঠাৰীয়ে তিনি ৰাতিলৈকে ঘেঁহুৰ ৰুটিৰে পেট ভৰাই খোৱা নাছিল।
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মৃত্যুৰ সময়ত তেখেতৰ বগা খচ্চৰটো, তেখেতে ব্যৱহাৰ কৰা অস্ত্ৰ, আৰু সেই ভূমি যিটো তেখেতে চাদাক্বাহ কৰিছিল, এইখিনি বস্তুৰ বাহিৰে তেখেতে কোনো স্বৰ্ণ মুদ্ৰা বা ৰৌপ্য মুদ্ৰা, কোনো দাস-দাসী অথবা বেলেগ আন কোনো বস্তু এৰি যোৱা নাই।
عربي الإنجليزية الأوردية
তোমালোকৰ মাজৰ যিয়ে শাৰীৰিকভাৱে সুস্থ অৱস্থাত প্ৰভাতত উপনীত হৈছে, গৃহ-পৰিয়ালৰ ক্ষেত্ৰত নিৰাপদ আছে, লগতে তাৰ ওচৰত এটা দিনৰ আহাৰৰ ব্যৱস্থা আছে, এইটো হৈছে যেনিবা গোটেই পৃথিৱীক তাৰ বাবে একত্ৰিত কৰি দিয়া হৈছে।
عربي الإنجليزية الأوردية