+ -

عَنْ ‌الزُّبَيْرِ بْنِ الْعَوَّامِ قَالَ:
لَمَّا نَزَلَتْ: {ثُمَّ لَتُسْأَلُنَّ يَوْمَئِذٍ عَنِ النَّعِيمِ} [التكاثر: 8]، قَالَ الزُّبَيْرُ: يَا رَسُولَ اللهِ، وَأَيُّ النَّعِيمِ نُسْأَلُ عَنْهُ، وَإِنَّمَا هُمَا الْأَسْوَدَانِ التَّمْرُ وَالْمَاءُ؟ قَالَ: «أَمَا إِنَّهُ سَيَكُونُ».

[حسن] - [رواه الترمذي وابن ماجه] - [سنن الترمذي: 3356]
المزيــد ...

ঝুবাইৰ ইবনুল আওৱামে কৈছেঃ
যেতিয়া এই আয়াত অৱতীৰ্ণ হ'লঃ {ثُمَّ لَتُسْأَلُنَّ يَوْمَئِذٍ عَنِ النَّعِيمِ}তাৰ পিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব। ঝুবাইৰে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাক কোনটো নিয়ামত সম্পৰ্কে সোধপোচ কৰা হ'ব? (আমাৰ ওচৰত দেখোন) কেৱল দুইধৰণৰ ক'লা বস্তুহে আছে, খেজুৰ আৰু পানী। তেখেতে ক'লেঃ সেয়া অচিৰেই অৰ্জন হ'ব।

[হাছান] - [(তিৰমিজী, ইবনে মাজাহ)] - [ছুনান তিৰমিজী - 3356]

ব্যাখ্যা

যেতিয়া এই আয়াত অৱতীৰ্ণ হ'লঃ {ثُمَّ لَتُسْأَلُنَّ يَوْمَئِذٍ عَنِ النَّعِيمِ} অৰ্থাৎ অতিশীঘ্ৰেই জবাবদিহি কৰা হ'ব যে, আল্লাহে তোমালোকক যিবোৰ নিয়ামত প্ৰদান কৰিছিল সেইবোৰ পোৱাৰ পিছত তোমালোকে আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰিছিলা নে নাই। এই আয়াত শুনি ঝুবাইৰ ইবনুল আওৱাম ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাক কোনবোৰ নিয়ামত সম্পৰ্কে জবাবদিহি কৰা হ'ব? আমাৰ ওচৰত দেখোন এই দুইবিধ খাদ্য খেজুৰ আৰু পানীৰ বাহিৰে আন একো নাই।
তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকে যিটো অৱস্থাত আছা, এই অৱস্থাত পোৱা নিয়ামত সম্পৰ্কেও জবাবদিহি কৰা হ'ব। কাৰণ এই দুটা নিয়ামতো আল্লাহৰ ডাঙৰ নিয়ামত।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নিয়ামত লাভ কৰি আল্লাহৰ চুকৰিয়া আদায় কৰিবলৈ গুৰুত্ব দিয়া হৈছে।
  2. কিয়ামতৰ দিনা বান্দাক নিয়ামত সম্পৰ্কে জবাবদিহি কৰা হ'ব, নিয়ামত কম হওক বা বেছি।
অনুবাদ: ইংৰাজী উৰ্দু ইন্দোনেচিয়ান উইঘোৰ বাংলা তুৰ্কী বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া الولوف আজেৰি ইউক্ৰেইনীয়ান الجورجية
অনুবাদ চাওক
অধিক