উপ-শ্ৰেণীবিন্যাসসমূহ

হাদীছৰ তালিকা

মোৰ ফালৰ পৰা পৌঁচাই দিয়া, সেয়া যদি এটা আয়াতো হয়। আৰু বনী ইছৰাঈলৰ পৰা বর্ণনা কৰা, ইয়াত কোনো দোষ নাই; কিন্তু যি ব্যক্তিয়ে ইচ্ছাকৃতভাৱে মোৰ বিষয়ে মিছা কথা ক’ব, সি যেনিবা জাহান্নামকেই তাৰ ঠিকনা নির্ধাৰিত কৰি ল’লে।
عربي ইংৰাজী ফৰাচী
আল্লাহৰ ৰাছুলে যি হাৰাম কৰিছে নিশ্চিতভাৱে সেইটো সেইদৰেই হাৰাম যিদৰে আল্লাহে হাৰাম কৰিছে।
عربي ইংৰাজী ফৰাচী
মই তোমালোকক আল্লাহৰ তাক্বৱা অৱলম্বন কৰিবলৈ আৰু (নেতৃবৃন্দৰ) কথা শুনিবলৈ আৰু মানিবলৈ উপদেশ দিলোঁ, যদিও তেওঁ (সেই নেতা) হাবশ্বী ক্ৰীতদাসে নহওক কিয়। মোৰ (মৃত্যুৰ) পিছত তোমালোকে অত্যন্ত মতভেদ দেখিবলৈ পাবা। গতিকে সেই সময়ত তোমালোকে মোৰ ছুন্নতক আৰু মোৰ খুলাফায়ে ৰাশ্বিদীনৰ ছুন্নতক মজবুতভাৱে ধাৰণ কৰি তাৰ ওপৰত অবিচল থাকিবা।
عربي ইংৰাজী ফৰাচী
যিয়ে জানি বুজি মোৰ বিষয়ে মিছা কথা ক'ব, সি যেন নিজৰ ঠিকনা জাহান্নামত বনাই লয়।
عربي ইংৰাজী ফৰাচী
শেষ জামানাত মোৰ উম্মতৰ মাজত এনেকুৱা কিছুমান লোকৰ আৱিৰ্ভাৱ ঘটিব, যিসকলে তোমালোকক এনেকুৱা এনেকুৱা হাদীছ শুনাব যিবোৰ তোমালোকেও শুনা নাই আৰু তোমালোকৰ পূৰ্বপূৰুষেও শুনা নাই। গতিকে তোমালোকে সিহঁতৰ পৰা আঁতৰি থাকিবা আৰু সিহঁতকো তোমালোকৰ পৰা দূৰত ৰাখিবা।
عربي ইংৰাজী ফৰাচী
লিখা, শপত সেই সত্ত্বাৰ যাৰ হাতত মোৰ প্ৰাণ আছে, ইয়াৰ পৰা যি ওলায় সত্য কথাহে ওলায়।
عربي ইংৰাজী ফৰাচী