1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. ফজীলত আৰু শিষ্টাচাৰসমূহ

হাদীছ উচ্চাৰণঃ "আল্লাহুম্মা ইন্নি আউজু বিকা মিন গালাবাতিত দাইন, অগালাবাতিল আদুউ, অশ্বামা-তাতিল আ'দা।

عَنْ عَبْدِ اللَّهِ بْنِ عَمْرِو بْنِ الْعَاصِ رضي الله عنهما أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ كَانَ يَدْعُو بِهَؤُلَاءِ الْكَلِمَاتِ:
«اللَّهُمَّ إِنِّي أَعُوذُ بِكَ مِنْ غَلَبَةِ الدَّيْنِ، وَغَلَبَةِ الْعَدُوِّ، وَشَمَاتَةِ الْأَعْدَاءِ».

আব্দুল্লাহ বিন আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এইবোৰ বাক্যৰ জৰিয়তে দুআ কৰিছিলঃ
উচ্চাৰণঃ "আল্লাহুম্মা ইন্নি আউজু বিকা মিন গালাবাতিত দাইন, অগালাবাতিল আদুউ, অশ্বামা-তাতিল আ'দা।" অৰ্থঃ হে আল্লাহ! মই তোমাৰ ওচৰত ঋণৰ বোজা, শত্ৰুৰ প্ৰাধান্য, আৰু শত্ৰুৰ আনন্দৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ।

ছহীহ (নাছায়ী, আহমদ) ছুনান নাছায়ী - 5475

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াত কেইবাটাও বস্তুৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছে।
প্ৰথমঃ (اللهم إني أعوذ) মই আশ্ৰয় বিচাৰোঁ, (بك) কেৱল তোমাৰ ওচৰত, (من غلبة الدَّين) ঋণৰ বোজাৰ পৰা, লগতে মই তোমাৰ ওচৰত এই ঋণ পৰিশোধৰ কাৰণে সহায় প্ৰাৰ্থনা কৰোঁ।
দ্বিতীয়ঃ (وغلبة العدو) শত্ৰুৰ প্ৰাধান্যতা আৰু বৰ্বৰতাৰ পৰাও আশ্ৰয় বিচাৰোঁ। লগতে শত্ৰুৰ হাত বিৰত ৰাখিবলৈ আৰু এই ক্ষেত্ৰত সহায় কৰিবলৈ তোমাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ।
তৃতীয়ঃ (وشماتة الأعداء) মুছলিমসকলৰ বিপদ-আপদৰ সময়ত শত্ৰুৰ আনন্দ প্ৰকাশৰ পৰা তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. আনুগত্য ব্যাহত কৰা আৰু দুশ্চিন্তা সৃষ্টি কৰিব পৰা প্ৰত্যেক কামৰ পৰা যেনে ঋণ আদিৰ পৰা, আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত কৰা হৈছে।
  2. সাধাৰণতে ঋণ লোৱাত কোনো বাধা নাই, কিন্তু এনেকুৱা ঋণ গ্ৰহণ কৰা উচিত নহয় যিটো পৰিশোধ কৰাৰ সামৰ্থ নাই। এই ঋণকে বোজা বুলি কোৱা হৈছে।
  3. মানুহে এনেকুৱা কাম পৰিহাৰ কৰা উচিত, যাৰ ফলত অপমানিত হ'বলগীয়া হয় তথা সমালোচনাৰ সন্মুখীন হ'বলগীয়া হয়।
  4. এইটো বৰ্ণনা কৰা হৈছে যে, মুমিনসকলৰ সৈতে কাফিৰসকলে সদায় শত্ৰুতা পোষণ কৰে, তথা তেওঁলোকৰ বিপদ-আপদত সিহঁতে আনন্দ প্ৰকাশ কৰে।
  5. মানুহৰ বিপদ-আপদত শত্ৰুৰ আনন্দই সেই বিপদতকৈও অধিক কষ্ট দিয়ে।

অনুবাদ চাওক

50 ভাষা
EN English الإنجليزية
UR اردو الأوردية
ES Español الإسبانية
ID Indonesia الإندونيسية
BN বাংলা البنغالية
TR Türkçe التركية
RU Русский الروسية
BS Bosanski البوسنية
SI සිංහල السنهالية
HI हिन्दी الهندية
ZH 中文 الصينية
FA فارسی الفارسية
VI Tiếng Việt الفيتنامية
TL Tagalog تجالوج
KU Kurdî الكردية
HA Hausa الهوسا
PT Português البرتغالية
ML മലയാളം المليالم
TE తెలుగు التلغو
SW Kiswahili السواحيلية
TA தமிழ் التاميلية
MY မြန်မာ البورمية
TH ไทย التايلندية
DE Deutsch الألمانية
PS پښتو بشتو
SQ Shqip الألبانية
SV Svenska السويدية
AM አማርኛ الأمهرية
NL Nederlands الهولندية
GU ગુજરાતી الغوجاراتية
KY Кыргызча القيرقيزية
NE नेपाली النيبالية
LT Lietuvių الليتوانية
PRS دری الدرية
SR Српски الصربية
TG тоҷикӣ الطاجيكية
RW Kinyarwanda الكينياروندا
RO Română الرومانية
HU Magyar المجرية
MOS Moore الموري
MG Malagasy المالاجاشية
OM Oromoo الأورومو
KN ಕನ್ನಡ الكانادا
WO Wolof الولوف
UK Українська الأوكرانية
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية